পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ফাগুনী

হাতী চাই কিনিবাঁ  হাতীৰে লেঙেচি,
 ঘোৰা চাই কিনিবাঁ জিন্।
মুগাৰ মেখেলা  ভাল চাই কিনিবাঁ,
 তেহে ঐ নুমলীক দিম॥ ৩১৬।

মিকিৰ বৰ চাঙত  বজায় বৰ কাঁহী,
 ভৈয়ামত বজালে ঢোল।
চেঙেলীয়া মনকে  বান্ধিব নোৱাৰোঁ,
 ছিঙে মৰাপাটৰ ডোল॥ ৩১৭।

তই যে কলীয়া  অলীয়া-বলিয়া,
 মোকো কৰি গলি বাউল৷
জালি-কটা বেৰেদি   সুহুৰি মাৰিলি,
 হোৱা ভাতক কৰিলি চাউল।৷ ৩১৮।

কি ফুল দি গলি  লুকাই তই, পিলিঙা,
 কি ফুল দি গলি লুকাই।
সমনীয়াৰ আগতে  পিন্ধিব নোৱাৰোঁ,
 থাকে কৰণিতে শুকায়॥ ৩১৯।

খাই খাই আমনি  লতাকৈ পনিয়ল,
 বৈ বৈ আমনি তাঁত৷
কৈ কৈ আমনি  তোকে ঐ পিলিঙা
 দিয় ঘনে ঘনে মাত॥ ৩২০৷