পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উছর্গা

সৰুকণ,
আহিলি পিছত, পাছে গলি আগবাঢ়ি।
ভাগ্যৱান জীৱ তােৰ লই গল কাঢ়ি
দয়ালু সুজনে তুলি নিজৰ কোলাত,
থই মােক সংসাৰৰ তপত খােলাত।
যৌৱনৰ মৰীচিকা তাপ-ক্লেশময়,
দেখি ভৱ-বিভীষিকা কঁপিছে হৃদয়।
উঠিছে প্রাণত মােৰ শতেক ৰাগিনী,
যুগ-যুগান্তৰ ভৰা বিৰহ-কাহিনী।
‘আকুল পথিক’ মােৰ অনন্ত পথত;
উছর্গিলোঁ তাকে তােৰ পৱিত্ৰ নামত।