পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
জনকাব্য


মহ মেলি গুৱালটি   চাপৰি পালেগৈ,
 বাটত কিনি খালে কলা।
পিছৰটি গুৱালে  সুহুৰি মাৰিলে,
 নুঘূৰে যঁতৰৰ শলা॥ ৩১১।

নৈ গুম্‌গুমায়  কুম্পানিৰ জাহাজখন,
 ঢেকি গুম্‌গুমায় ঠোৰা।
বুকু চম্‌চমাই  মৰোঁ, সমনীয়া,
 গাভৰু হবৰে-এপৰা॥ ৩১২।

মহৰ গুৱালটি  কাতিৰাম ককাইটি,
 মহৰ কিএ কিএ নাও।
এজনী হাৰলী,  এজনী পাৰলী,
 এজনীৰ নুমলী নাও॥ ৩১৩।

হাৰলীয়ে খুজিছে  হাৰ-কটা মাদলি,
 পাৰলীয়ে খুজিছে মণি।
বুকুৰ নুমলীয়ে  খুজি পঠিয়াইছে,
 এখন হাতী-দাঁতৰ ফণি॥ ৩১৪।

হাৰলীলৈ কিনিলোঁ  হাৰ-কটা মাদলি,
 পাৰলীলৈ কিনিলোঁ মণি।
বুকুৰে নুমলীক  বুজাবাঁ-বৰাবাঁ,
 নাপাওঁ হাতী-দাঁতৰ ফণি॥ ৩১৫।