পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ফাগুনী

নৈৰে শুৱনী  গঙাকৈ চিলনি,
 পৰ্বতৰ শুৱনী মিৰি।
ভৈয়ামৰ শুৱনী  কেঁকাই পথাৰখনি
 পাটিৰে শুৱনী তিৰি॥ ৩০৬।

সৰু হৈ আছিলোঁ,  গৰু ৰখিছিলোঁ,
 বৰ হৈ লগালোঁ তাঁত।
তাঁতৰ শালতে  দেখিবৰ-এপৰা,
 পেটলৈ যোৱা নাই ভাত॥ ৩০৭।

আৰ্ছিৰ কেনুৱা  গণ, লগৰীয়া,
 আৰ্ছিৰ কেনুৱা গণ।
ৰাখিব পাৰোঁ মই  হাতৰ পানীচলু,
 ৰাখিব নোৱাৰোঁ মন॥ ৩০৮।

তাঁত বাতি কৰোঁতে  নাহিবি বুলিলোঁ,
 বহি বৈ আছিলোঁ তাঁত।
মোৰ মূৰ-খোৱা,  তই যে সোণামুৱা,
 পিছৰ পৰা লগালি মাত॥ ৩০৯।

মাছ মাৰিবৰ  কত ছেও জানা,
 দীঘলকৈ কাটিবৰ লোৰ।
ছোৱালী চাবৰে  কত ছেও জানা,
 জোপাৰ তলে তলে খোৰ॥ ৩১০।