পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
জনকাব্য

ষোড়শ অধ্যায়

ই নৈত বুৰ মাৰি  সি নৈত ওলালে,
 কাৰ পোহনীয়া উদ্।
মাটি ফুটি ওলালে  তৰাৰে গজালি,
 বুকু ফুটি ওলালে দুদ্॥ ৩০১।

গাৰে জুৰনি  ৰি-ৰিয়া বতাহ ঐ,
 পেটৰে জুৰনি ভাত।
বুকুৰে জুৰনি  চেনাইৰে দুখনি,
 কোমল কুমলীয়া হাত॥ ৩০২।

হাত কুটকুটায়  আঙুলি বটিয়ায়,
 নবওঁ এনেকুৱা তাঁত।
ফুৰি থৈ আহোঁগৈ  মোৰ ধনৰ চুবুৰিত,
 লগাই থৈ আহোঁগৈ মাত॥ ৩০৩।

চাউলৰ চিকুণ  খুদ, লগৰীয়া,
 চাউলৰ চিকুণ খুদ।
ডেকাৰ চিকুণ  ভৰিৰ কলাফুল,
 গাভৰুৰ চিকুণ দুদ্॥ ৩০৪।

ঘৰতো নপৰে  মন, সমনীয়া,
 পৰতো নপৰে মন।
কমোৱা তুলাবোৰ  যেনেকৈ উৰিছে,
 তেনেকৈ উৰিবৰ মন॥ ৩০৫।