পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
আকুল পথিক

মাকে চাউল চালে  চালনি নুঘূৰে,
 বোপাই তামোল কাটে সৰু।
মৰমৰ জীয়েকক  দিলে ধৰম-বিয়া,
 উছৰগত দিছিলে গৰু॥ ২৯১।

কি চাইছ ভেলেঙী,  মেলি সৰু ডিঙি,
 ৰঙতে মগনা হৈ।
ওচৰৰ জোপাতে  শতুৰু আছেহি
 হাতত ধনু-কাঁড় লৈ॥ ২৯২।

ছাহাব যায় ছুটি লৈ,  মই যাওঁ ভাটিলৈ,
 অকলে থাকিবা শুই।
আমাৰে পিৰিতি  লোকক নিবিলাবাঁ,
 শৰীলত নিদিবা জুই॥ ২৯৩।

দুচকু মুদিও তোক  দেখোঁ প্ৰেমৰ মইনা,
 দুচকু মুদিলেও দেখোঁ।
কোন জন ঈশ্বৰে  এনেকৈ স্ৰজিলে,
 একেটি দেহা যেন দেখোঁ॥ ২৯৪।

ই তিনি পৰীয়া  দলৌ কান-মাৰি
 ছকুৰি কুকুৰাৰ ভাৰ।
জনমে জনমে  শুজিব নোৱাৰোঁ
 ঠুৰিয়া তামোলৰ ধাৰ॥ ২৯৫।