পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
আকুল পথিক


পঞ্চদশ অধ্যায়

চতিয়নাৰ ওপৰে  বেলি ঘূৰে দুপৰে,
 মেলেঙত গধূলি হল।
সৰুটী মনমা  ফাটকত পৰিছিল,
 আফিলত মুকলি হল॥ ২৮১।

আজি বহুত দিনে  দেখা নাই, চেনাইকে,
 মনতে লগা নাই ভাল।
যাক চাই ফুৰোঁ  তাক ঐ নেদেখোঁ,
 কিনো জুই লগা কপাল॥ ২৮২৷

গাত জিলিকিল  হীৰাকৈ মুকুতা,
 হাঁহিত জিলিকিল দাঁত।
ধনৰ লগত পিৰিতি  কৰোঁ, শাহু আয়ে
 আকাশত শুনিলে মাত॥ ২৮৩।

চ’ত চতে গৈ  বহাগো পালেহি,
  ফুলিলে ভেবেলি লতা৷
কৈনো কৈ থাকিলে  ওৰকে নপৰে,
 আটাইবোৰ চেনাইৰে কথা॥ ২৮৪৷

বোকাৰ গৰৈ মাছ  বোকাত সোমালে,
 বিচাৰি মৰিলে বগ৷
পেটৰে কথাটি  পেটতে থাকিলে,
 কবলৈ নাপালোঁ লগ॥ ২৮৫।