পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
জনকাব্য

প্ৰেমৰ ডোলেৰে  বান্ধিলা, লাহৰী,
 প্ৰথমৰ পিৰিতি জৰী।
কেলেই এৰিলা  এনেকুৱা পিৰিতি,
 আথানি-আবানি কৰি॥ ২৫৬।

তোমালৈ যিমানটি  চিতনি-ভাবনি,
 আইলৈ-বোপাইলৈ নাই৷
আশা কৰাই কৰাই  নিৰাশাত পেলালা,
 তোমাৰ মান নাৰকী নাই॥ ২৫৭।

মৰি যাওঁ মৰণে  তোমাৰ কাৰণে,
 নাচাওঁ সমনীয়াৰ মুখ।
গাত জুই জ্বলিছে,  সৰিয়হ ফুটিছে,
 ক’তো ঐ নিমিলে সুখ॥ ২৫৮।

চ'তিয়ে বগালে  চ’তিৰ বৰ চেলা,
 মাৰলিয়ে বগালে সাপ।
আমাৰ কপালে  যি হবৰ হৈছে,
 মইনা, তই কুশলে থাক॥ ২৫৯।

এটা বাতিত নহৰু,  এটা বাতিত পনৰু,
 এটা বাতিত খুটৰা শাক৷
মুৰৰ চুলি ছিঙি  আশীৰ্ব্বাদ কৰিছোঁ,
 মইনা, তই কুশলে থাক॥২৬০৷