পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
আকুল পথিক

পিৰালিয়ে ওলালোঁ,  পিৰালিয়ে সোমালোঁ,
 তোমাৰ পিৰালিয়ে বাট।
ওলাওঁতে মাতিলোঁ,  সোমাওঁতে মাতিলোঁ,
 ওলাই তেও নিদিলা মাত॥ ২৫১।

ইবাৰীত ওলায়ে  সিবাৰীত সোমালোঁ,
 বাটত আছিল বগৰীৰ জেং৷
তোমালৈ চাওঁতে  জেঙে আঁচুৰিলে,
 ভাগিলে দুখনি ঠেং॥ ২৫২।

ব্ৰহ্মপুত্ৰৰ পাৰতে বৰ্হমথুৰি জুপি,
 ধনে খৰি লোৰা ঠাই।
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেবতা,
 তামোল দি মাতোঁতা নাই॥ ২৫৩।

ভাটিলৈ ভটিয়াই  যামগৈ, লাহৰী,
 নাথাকোঁ কুম্পানীৰ দেশত।
মোৰ যেই গতি,  তোমাৰ সেই গতি,
 দুই গতি মিলামগৈ শেষত॥ ২৫৪।

হাফলুৰ আঁৰতে  চৰে ক’লা গৰু,
 উলুৰে গজালি খাই।
তোমালৈ যেতিয়া  মনত পৰি যাব,
 দেহা ক’লা পৰি যায়॥ ২৫৫।