পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
আকুল পথিক

ত্ৰয়োদশ অধ্যায়

গাখীৰৰ টেকেলি  ভাগিল, ঐ লাহৰী,
 গাখীৰৰ টেকেলি ভাগিল।
পকা সুমথিৰাৰ  চেপি ৰস খালোঁ,
 বাকলিত বহনা লাগিল॥ ২৪১।

একোতে নাপাওঁ মই  সুখ, ঐ সাদৰী,
 একোৱে নিদিয়ে সুখ।
ভাল পাওঁ লাহৰীৰ  হাঁহিৰে মলঙা,
 মাণিকি-মধুৰি মুখ॥ ২৪২।

কিনো খাই পাহৰিম  তোক, ঐ লাহৰী,
 কিনো খাই পাহৰিম তোক।
মিছিমিৰ দেশতে  আছে বৰ বিহ,
 তাকে খাই পাহৰিম তোক॥ ২৪৩।

তোমাৰ সন্তাপত,  হেৰা প্ৰাণেশ্বৰী,
 এবেলা আছিলোঁ মৰি৷
একেটি দেহাকে  কোনে ফালি দিলে,
 দুইকো দুফালি কৰি॥ ২৪৪।

পৰ্বতত মৰিলে  হৰিণা পহুটি,
 সুগৰি মৰিলে বনত৷
তোমাৰ বেজাৰত  মৰিমগৈ মৰিমগৈ,
 ডিবুৰুৰ জয়ন্তী ৰণত॥ ২৪৫।