পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
জনকাব্য়
 

আই নাইকিয়া,  ভাই নাইকিয়া,
 আৰু নাইকিয়া পিতা৷
কপটী বিধিয়ে দুখকে লিখিলে,
 মনৰ নুগুচিল চিতা॥ ১৭৬।

মুদিৰ গোলাত কিনিলোঁ  ৰেছমৰ ৰুমালখন
 ৰেল গাড়ী ভটিয়াই গল৷
তোমাক আনিম বুলি  বৰঘৰ সাজিলোঁ,
 গৰু-বন্ধা গোহালি হল॥ ১৭৭।

কুকুৰাই কৰিবৰ কেও, সমনীয়া,
 কুকুৰাই কৰিবৰ কেও।
গছৰ ডাল ভগাদি  আমাৰ মন ভাগিলে,
 জোৰাওঁতা নহলে দেও॥ ১৭৮৷

আহোঁতে জিলিকিল  দীঘলী সেওঁতা,
 হাঁহোঁতে জিলিকিল দাঁত।
দুইলৈকো বুলি  ঢাৰি-পাটি সাজিলোঁ,
 শুবলৈ নাপালোঁ তাঁত॥ ১৭৯।

তোমালৈ এ বুলি  গঢ়না গঢ়ালোঁ
 হাতলৈ গঢ়ালোঁ খাৰু।
দুয়ো শুম বুলি  তুলীখন কৰালোঁ
 মাদুৰী তুলাৰে গাৰু॥ ১৮০।

দলনি পথাৰত খেতি কৰিছিলোঁ,
 ভঁৰাল ভাঙি খালে চোৰে৷
তোমাৰ সন্তাপত  থাকিব নোৱাৰোঁ,
 জালুক জলকিয়াই পোৰে॥ ১৮০।