পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুৱনী প্ৰকাশৰ পৰা—

 

 প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ লোক সাহিত্যৰ অনুপম সংগ্ৰহ বিহুনামৰ পুথি ‘বন-বেনু’, নিচুকনি গীতৰ পুথি ‘পুতলী’ আৰু পটন্তৰ আৰু সাঁথৰৰ ‘ৰহৰহী-পানীমিঠৈ’ এই তিনিখন পুথি একত্ৰিত কৰি ‘ডিম্বেশ্বৰ নেওগৰ জনকাব্য’ নামে প্ৰকাশ কৰিবলৈ লৈছোঁ। বাক্য আৰু বানান হুবহু একেই ৰখা হৈছে। আগৰ কিতাপখনত ছপাৰ ভুল আছিল যদিও এই তাঙৰণত শুধৰোৱা হোৱা নাই। পুথিকেইখনৰ ইতিমধ্যে কেইবাটাও তাঙৰণ প্ৰকাশ হৈছে যদিও তিনিওখন একত্ৰিত কৰা এইখনেই প্ৰথম পুথি।

 এই কাম হাতত লওঁতে বিশিষ্ট লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰাৰ পৰা পোৱা দিহা-পৰামৰ্শৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ।

 শৰাইঘাট ফটো টাইপছৰ স্বত্বাধিকাৰী শ্ৰীযুত যোগেশ শৰ্মাৰ সহায়- সহযোগত কম সময়ৰ ভিতৰতে পুথিখন সুন্দৰকৈ ছপা হৈ ওলোৱাত তেখেতলৈ আৰু প্ৰতিষ্ঠানটোৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ শলাগ জনালোঁ।

 নেওগ ডাঙৰীয়াৰ অন্যান্য পুথিসমূহৰ দৰে এইখন পুথিয়েও পঢ়ুৱৈ সমাজৰ সমাদৰ পাব বুলি আশা কৰিলোঁ।

জীৱনমাধুৰী নেওগ বৰা
আগষ্ট, ২০০৫