পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
জনকাব্য

উজনিৰ জিয়া  ধোঁৱাকৈ চন্দীয়া,
 ন-জোনৰ মুখৰে পানী।
সৰুকৈ কাটিবা  মুগাৰ বটিয়া,
 দিম সোণ-পোৱালৰ মণি॥১২৬।

বাঁহৰ তলে তলে  বাঁহী বজাইছিলোঁ
 চেনায়ে শুনকগৈ বুলি।
শাহু আয়ে শুনিলে,  মিচিকাই হাঁহিলে,
 জোঁৱাই ধেমেলীয়া বুলি॥ ১২৭।

কেলৈ আমন-জিমন  কৰি থাকাঁ, আইকণ,
 কেলৈ মাৰি থাকাঁ মন।
আমাৰ ঘৰ-বাৰী  তোমাকে গতালোঁ,
 তুমি হলা হৃদয়ৰ ধন॥ ১২৮।

চাহ-পাত ছিঙিলোঁ,  চটাইতে মেলিলোঁ,
 তেতেলি-পতীয়া হল।
শহুৰৰ জীয়েকক  আনিবৰ-এ পৰা
 খুটিৰ মহ বিকৰে গল॥ ১২৯।

দকৈ পথাৰত  ধান দাই আছিলে,
 ঘিলা-চকলীয়া মুঠি।
আটাইকে দেখিলোঁ,  ধনক নেদেখিলোঁ,
 চালোঁ চতিয়নাত উঠি॥ ১৩০।