পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
আকুল পথিক


চকুলৈ চালেই যে  হাঁহাঁ মিচিকিয়া,
 হাঁহিতে লগোৱা বেথা।
তোমাক পাবলৈ  মনে লিক্ লিকায়,
 সৰু হৈ লগলা লেঠা॥৭১৷

চৰাই হালধীয়া,  পাখি বিনন্দীয়া
 অৰণ্যৰ ভিতৰৰ টোপ।
দিনটোৰ ভিতৰত  এবাৰ নেদেখিলে
 পেটতো নালাগে ভোক॥৭২।

আহোঁ এড়ি এড়ি  যাওঁ এড়ি এড়ি,
 এড়া গছত মাতিলে জিলি।
নেদেখি থাকিলে  থাকিব পাৰোঁ মই
 আকৌ গা-দেখা দি গ’লি॥৭৩।

তেল পৰি পিচলে  তোমাৰ বৰণটি
 ৰ’দত তিৰবিৰ কৰি।
তোমাৰ নিচিনা  ক’তো নেদেখিলোঁ
 উজনি-নামনি ফুৰি॥৭৪।

আহোঁতে দেখোঁ ধন,  যাওঁতে দেখোঁ ধন,
 বগী জামুকৰে পুলি।
খোৱাৰো নহলি,  পিন্ধাৰো নহলি,
 চকুৰ পোৰণি হলি॥৭৫।