পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
জনকাব্য

৯। উলুৱনিৰ বাম, তাৰে চাৰিজুপি আম, পকিলেও নসৰে॥
১০। এদঁতীয়া হাতী। ধান খায় পাচি পাচি॥
১১। একভাই জলত, একভাই থলত দুইভাই আকাশত॥
১২। একেজনী কলী গাই। ঘাটে ঘাটে পানী খায়॥
১৩। একেজনী চেৰেলী গাই। সাতখন পথাৰৰ ধান খায়॥
১৪। এফালে ন ঘৰ। এফালে ছঘৰ। পহু পৰিল
 সাতোটা। ঘৰে পতি একোটা॥
১৫। একুৰি ম’হৰ দুকুৰি শিং। পৰ্ব্বতে পৰ্ব্বতে মাৰে ৰিং॥
১৬। একুৰি ম’হৰ দুকুৰি পঘা। জাকত হেম্বেলিয়ায় বৰবগা!!
১৭। এঙেনাতে হেঙেনা।
 একে জোপা গছতে মাহ, কপাহ আৰু বেঙেনা॥
১৮। একেটি মাৰলি, দুখন ছাল৷
 নবন্ধাকৈ আছে সৰ্ব্বতিকাল॥
১৯। এঙনিতে জেঙনি, তাইৰ নাম ৰতি।
 গধূলিতে একুৰি এটা লৰা ফুকায়, পুৱা হলে গৰ্ভাৱতী।
২০। এলি গুম্ টেলিগুম্।
 ৰা-শালিকাই কণী পাৰে। পানীত নায়ায় মিল।
২১। এঠেঙীয়া বগলি। নিতৌ নাচে গধূলি॥
২২। এঠেঙীয়া পহু৷ টিকায়-মূৰে খহু॥
২৩। এঙা, এঙা, এঙা। একেটা ঠালতে পাঁচটা চুঙা॥
২৪। ওপৰৰ পৰিল চিলা। গোটে গোটে মানুহ গিলা।
২৫। ওপৰৰ পৰা পৰিল লাটিম। পায়ে তাৰ টিকা কাটিম॥
২৬। কলিঙ্গৰ লিঙ্গ কাটি পাঠাৰ কাটি পা।
 লৱঙ্গৰ বঙ্গ কাটি মজা মাৰি খা॥
২৭। কিৰিং পৰ্ব্বতত চৰে। হস্তী গমনে লৰে।
২৮। খায় মূঢ়ামূঢ়ি। হাগে চূণগুড়ি।
২৯। গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ।
 সিনো কি নিলাজৰ সচ॥
৩০। চৰাই নহয় দীঘল ঠোঁট। মঙহ নাই, নাড়ীগোট॥
৩১। চিং পখিলা। তিনি মূৰ দহ ঠেং ক’ত দেখিলা॥
৩২। টি-টি-টিঁয়া। কঁকালটি চিয়া॥
 হনুমাপ্ত ভাই। মানুহ খেদি খায়॥