পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পানীমিঠৈ বা সাঁথৰমালা

চিনাকি

 সাঁথৰ প্ৰাচীন জগতৰ সৃষ্টি। পুৰণি গ্ৰীক সাহিত্যত দেখিবলৈ পোৱা হয়, ৰাক্ষসী স্ফিঙ্কছে প্ৰশ্ন কৰিছিল— কোন জীৱ আছে সৰুতে চাৰি ঠেঙীয়া, ডাঙৰত দুঠেঙীয়া আৰু বুঢ়া হলে তিনঠেঙীয়া? এই পানীমিঠৈ গিলিব নোৱাৰি কিমান মানুহে প্ৰাণ দিব লগা হৈছিল! সৱশেষত ঈদিপুছে, এই সমস্যা-পূৰণ কৰিলে,—সেই জীৱ মানুহ। আৰু তেৱেঁ সেই ৰাক্ষসীৰ প্ৰাণ ললে।

 প্ৰচীন ভাৰততো সাঁথৰৰ ঐতিহ্য পুৰণি। ঋক্‌বেদত এনে সমস্যা-পূৰণ বহুত আছে, তাৰে এটি (১৷১৬৪৷৪৮)—“দ্বাদশ প্ৰধয়শ্চক্ৰমেকং ত্ৰীণি নভ্যানি ক উ তচ্চিকেত। তস্মিনিৎসাকং ত্ৰিশতা ন শংকৱো’ৰ্পিতাঃ ষষ্টিৰ্ন চলাচলসঃ॥’’অৰ্থাৎ বাৰটা নেমি (= মাস), এক চকা (= বছৰ), তিনটি ফুটা (= ঋতু);কোনে চিনে? তাত ৩৬০ টা চলাচল অৰ (spoke = দিন) আছে।

 পুৰণি অসমতো সাঁথৰৰ জন্ম প্ৰাচীন কালৰ, সন্দেহ নাই। হিতোপদেশ আদি সংস্কৃত সাহিত্যৰপৰা অহা সমস্যা-পূৰণবোৰৰ কথা এৰিও, পুৰণি অসমীয়া গ্ৰন্থকাৰসকলে প্ৰায়ে নিজ নাম আৰু ৰচনাৰ কালো সাঁথৰ ৰূপেহে দেখুওৱা কথাও মন কৰিব লগীয়া। ইয়াৰ বাহিৰেও জন-গণৰ মুখে মুখে চলি অহা সাঁথৰ অনেক আছে। সেইখিনিকে ইয়াত সজাই দিয়া হৈছে।

পানীমিঠৈ বা সাঁথৰমালা

১। আগ খঁৰা, গুৰি খঁৰা। যায় গুম্গুম্ নাহৰ বৰা॥
২। আগ তিতা গুৰি মৌ। কি কৰিছা ভাবলী বৌ॥
৩। আমতলৰ পানীখিনি চাম্তলে যায়।
 ধোবাই ধোৱা কাপোৰখনি খম্খমাই যায়॥
৪। আম্ লতা লতা, চাম লতা লতা।
 সাতখন কুঠাৰেৰে কাটিব নোৱাৰি সি কি বৰগছৰ লতা।
৫। আইৰ ভায়েক মোৰ হয় মোমাই।
 মোমাইৰ ভিনিহীয়েক, মোৰ হয় কি॥
৬। আঁটি আঁটি আঁটি। সাতখন কাপোৰৰ গাঁঠি॥
৭। ইয়াতে মাৰিলে টিপা। গড়গাঁও পালেগৈ শিপা॥
৮। ইফালেও ঢাপ, সিফালেও ঢাপ। মাজত কাৰ্শলা সাপ॥