পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
জনকাব্য

লৰা-ছোৱালীৰ লচপচ্ ডিঙিত ফটাকানি।৷
হাল বালে উঠে দলি মঙল চালে লাগে বলি॥
হাতত নহলে সম্বল, সকলো কাৰ্য্য নিষ্ফল॥
হাতৰ লাখুটি বাটৰ সাৰথি, বিপদৰ সাৰথি ভাই।
ভাৰ্য্যা শুৱনী বেইতা তিৰুতা, গোহালি শুৱনী গাই॥
হাত এৰি হেঁতালি খেদিব নালাগে॥
হাতী খাওনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা॥
হাঁহিনী মৰে কাটি, গৃহস্থই বোলে কণী পাৰি দি॥
হৃদয়েহে জানিছে। ধান বনাদি বানিছে॥
হাতী হৈ মাখি হলো। লালিত পৰি বন্দী হলো।
হাতীৰো পিছলে পাৱ। সজ্জনৰো বুৰে নাও॥
হাতত নাই কণটো। বৰ সবাহলৈ মনটো॥
হাতীয়ে ধান খায় সিপাৰে। আটিমুটি কৰিছে
ইপাৰে॥ হাঁহৰ ওপৰত শিয়াল ৰজা।
হওঁতে হয় চকলা নেমু। যেনি পোনোৱা তেনি চমু॥
হাঁহ নিলে হেঁপাই। এনে কথা কব নাপায়॥
হাতত আছে কাচি। বুঢ়ি ফুৰে নাচি॥ হাবিৰ লতা।
সান্দহ খাই পানী গাত পেলালে, কেনেকুৱা মটা।
হাঁপাই আনিলে তিৰি। বোন্দা হল ওপৰত গিৰি॥
হাতে-মুখে আছো মই। ৰোৱনী-কাটনী আন তই॥
হাজাৰ লাও ডাঙৰ হক, তেও পাতৰ তল॥
হাতী-ঘোৰাই নাপায় ঠাউনি। ভেৰাই বোলে
কিমান পানী॥ হাঁ বোলোতে হুমুনিয়াহ॥
হাতত সাৰে ভৰিত সাৰে॥ হোলাৰ ভাই মোলা॥