পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
ৰহৰহী

হৰিণাৰ নিজৰ মঙহেই বৈৰী। হল বিয়া উৰুলি দিয়া॥
হাতী চুৰ কৰি নিয়ে বাটে, বেঙেনা চোৰক ধৰে।
নাকাটো কাটিলে লাজ নালাগে, নখটো কাটিলে মৰে॥
হাতো পদুমী ভৰিও পদুমী ডিঙিত নাকৌকুৱা।
তাকে চাই জোঁৱাই ছোৱালী নিয়ানে নিনিয়া॥
হাৱাঙত লোণ সস্তা। দেহাৰ বা কি অৱস্থা॥
হৰিৰ নামতো নাই ৰতি। ঘৰৰ বনো হয় খতি॥
হব ছলি বুলিব বাপ। তেহে গুচিব মনৰ সন্তাপ॥
হেঁপাই আনিলে তিৰি। বোন্দা হল গিৰি॥
হাজাৰ কৰ মোৰ মোৰ, বুকুৰ মঙহ খাম তোৰ॥
হাতী দাঁতৰ ৰুৱা, ৰ’দ জিলিকে পুৱা॥
দুহাল বাবলৈ তিনটা লাগে, তাকে চাই
শহুৰ ছোৱালী দিয়া নে নিদিয়া॥
হাতৰ নিব, কাণৰ নিব, দহো আঙুলি কোনে নিব?
হাতীৰ শুৰত যায়। হাম্বা দেখি দূৰৈতে পলায়॥
হাতত খালে হাতী পোকে ভৰিত খালে উঁয়ে।
এখন এখন তামোল দিছে ঢেকীথোৰা-মুয়ে॥
হাত ডাঙৰ ভৰি ডাঙৰ, ডাঙৰ মানুহৰ জী।
থুৰীয়া তামোলে মুখ নভৰে, এখন দি কৰিবি কি॥
হৰিয়ে দিব হৰিণা, পুৰুষে দিব বৰা।
গুৰুৱে ভকতে দিব লাগিলে খাবা নো কেইচপৰা॥
হাঁহ পোৱালি নিলে শেনে। তুমি যেনে ময়ো তেনে॥
হাতত নাই পইছা-কড়ি। বিহুৰ হাটত লৰালৰি॥
হাঁহি মাতে, কাটি সোমায়॥ হাঁতে শুকায়॥
হিন্দুৰ গুৰু, মুছলমানৰ পীৰ। নামানিলে হয় কাফিৰ।
হাতত পিন্ধে মণি-মাদলি, গলত পিন্ধে খাৰু।
পিঠাগুড়ি হালবাই চপৰাৰ বন্ধালে লাৰু॥
হালতকৈ কোৰত টান। তেওঁ নহয় বাহীবনৰ মান॥
হওক নহওক ৰোৱনী। পথাৰখন শুৱনী॥
হাতৰ কটাৰীয়েও হাত কাটে॥
হাঁহৰ লচপচ্ চোতালত পানী।