পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
জনকাব্য

সময়ৰ ছ কড়া ন কড়াৰ সমান॥
সৰু কথাই বৰ। ফটা কঠাই জ্বৰ॥
সাগৰৰ পানী বান্দৰে খায় ঢুকায়।
সাপেহে দেখে সাপৰ ঠেং৷
সাপ হৈও খোটে। বেজ হৈও জাৰে৷।
সাপে খায় কাপে খায়
সহিলে সম্পদ পায়। সৰু সৰু কৰি সাজিবা ঘৰ।
যেতেকে লাগে তেতেকে কৰ॥
সজালো পৰালো নগাই নিয়ে বুলি
নগায়ো নিনিলে মাজডাঙৰী বুলি॥

হয় বেটী হয়। এড়ীয়া মেখেলাৰ তিনটা সিয়নি,
বাপেৰৰ বুঢ়ীমাৰ মই॥ হৰিনামৰ ওপৰত টিংখোপ॥
হাজাৰী বৰুৱাৰ নাতি। টিকায়ো নকৰে কাতি॥
হাতত নাই বিত। মনে কৰে পিত্ পিত্‌॥
হলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে।
হাঁহচোৰৰ মূৰত পাখি। কঠালচোৰৰ এঠাই সাক্ষী।
হাঁহ মেলি শিয়াল খেদ॥ হাতে নামাৰে, ভাতে মাৰ॥
হাতীৰ গালৈ তৰাৰ ফৰ্ম্মূতি।
হাতত ধৰি নিওঁতা নাই, পথালি কোলালৈ কান্দে॥
হাতীৰ সুৰত নাই বুলিও সাত কলহ পানী থাকে॥
হাতীয়ে খায় যিমান। লাদেও সিমান॥
হেঁপাহত কপাহ কাটে। হাঁহিয়েই বিঘিনি।
হাল বায় ৰাতিৰ পৰা। ভাতে নাটে কাতিৰ পৰা॥
হাৰিয়েনে জৰীয়ে॥ হাড় নাইকিয়া জিভা।
ওলায় কিবা কিবা॥ হাতে খালে পাতে খোৱা॥
হোমৰ মুখ নেদেখিলেও ৰভা তলখন দেখিছো॥
হ'বৰ দিনত কুকুৰেও মৈ টানে॥
হালোৱাৰ লচপচ্ মৈত লৰে গৰু।
শিপিনীৰ লচপচ্ বয় সূতা সৰু॥