পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
ৰহৰহী

শালশিঙৰী কৈৰৰ এফাল।
ইকৰাই বোলে নিতিতিলে যাম কতকাল॥
শিয়ালৰ হোৱা। কৰপৰা আহিছে, দুৱাৰ মেলি চোৱা
শাহু-বোৱাৰীৰ ঘৰ। কোনে খায় গাখীৰৰ সৰ॥
শেনটো যোৱাদি যায়, ফেঁচাটো অহাদি আহ॥

সন্তৰ শ কাল৷ দুষ্টৰ একাল॥
সাত পুৰুষত নাই গাই। কঁড়িয়া লৈ খীৰাবলৈ যায়॥
সুবাট দুৰগমন, তাক নিদিবা এৰি।
বুঢ়ী হলেও বিয়া কৰাবা, তেওঁ নানিবা বাঁৰী।
সাপেও তিনবাৰি হাঁচে৷ সাপেহে সাপৰ ঠেং দেখে।
সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান॥
বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান॥
সাগৰত মৌ, পৰ্ব্বতত ঢৌ। বোপাইলৈ ছোৱালী
নৌ আনোতে, ককাইৰ সাতজনী বৌ॥
সন্ধিৰ বাঁহ বুদ্ধিৰে কাট॥ সাতসাগৰ তেৰ নৈ পাৰ হ
সাধিলে বান্দৰী মধুফল পায়। নাসাধিলে বান্দৰী
ভালে ভালে যায়। সাচনিত নিদিবা হাত।
লৰা-লুৰিকেটা লঘোনে নথবা, দিবা গধূলিতে ভাত॥
সোতমোচ ধোপোচ, সোণৰূপৰ মুখ, সোণৰ ষোলং।
সকলো মগনিয়াৰ মৰক। মোৰ জোলোঙাটো ভৰক॥
সত্য ত্ৰেতা দ্বাপৰ কলি। চাৰিযুগ জোলোঙা জৰী।
চাৰিযুগ আহে যায়। আৰু চাৰিযুগ পাবলৈ নাই॥
সঙ্গ ল সঙ্গ ল জ্ঞাতিৰ। কুল ল কুল ল নদীৰ॥
সৰুকৈ কাটি ঘনকৈ খাবা। তামোলৰ বিলাহ পাবা॥
সতিনী-ৰহীয়া পৈ, এবেলা হহুৱায় এবেলা কন্দুৱায়
পথালি-কোলাতে লৈ। সূৰ্য্যৰ মুখত সোপা॥
সাদৰৰ সেলাই। নাঙলেৰে ধূই, যৱকাৰে মেলায়॥
সোলা মুখত মাখি পৰে, লাভৰহে ভিতৰ।
সমানেৰে কৰিবা কাজ। হাৰিলেও নাই লাজ॥