পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
জনকাব্য

শাহুৰ লাই মাত পালো। বছৰেকৰ মূৰত কটাৰ জী
বুলিলে, স্বৰগখন ঢুকি পালো। শালক শিঙীয়ে হাঁহে।
তয়ো কাজী, ময়ো কাজী, ভালেতো গৰাকি নাহে॥
শামুকে কি জানে মাণিকৰ মোল॥
শুকুৰবাৰে টেকেলি শনিবাৰে বিয়া। খাবলৈ নাই,
বিয়ৈ, ধান পুৰাচেৰেক দিয়া॥
শালিকাই চোঁচোতে-মাজোতে ফেঁচু ৰজা হল॥
শোকোতানে মুকুতা। শাল শেলেকা, কোঁচ ভেলেকা
শাহুৰী কেনে। লোণে আমেলখী যেনে॥
শাল মাছ দেৱৰ বলি। সি মাতে ভেদেঙী বুলি॥
শালেগ্ৰামক থৈ। দে নাতিনীক বৰপিৰা গৈ॥
শগুনৰ শাৱত বুঢ়া গৰু মৰা॥ শক্তি চাই ভক্তি॥
শাহুৱে সোন্দাকল খায়। আপুনি যেনে জোঁৱাই-
ভটৰী, লোককো সেই সহজে চায়॥
শিয়ালৰ কাণত মঙহৰ ভাৰ॥ শালৰ মাজত শিঙী॥
শাহু-বোৱাৰীৰ মাজত এঘাৰটা পৈ।
কথমপি আছে শান্তি ধৰমটো লৈ॥
শইচো টুটিল, মৎসো টুটিল, টুটিল বিৰিখৰ গুটি।
ভাল ভাল লোকৰ বাইক্‌ লৰিল, লৰিল ধৰমৰ খুটি॥
শুন শিশুপাল ভাই। ধানৰ ধূলি, গোত্ৰৰ গালি,
দুইকো সহন নাযায়॥ শত্ৰুক বৰ পিৰা॥
শিয়ালৰ জাক, সিংহৰ এটা। শালক ঘিণায় শিঙীয়ে॥
শনিবৰীয়া তই। কিনো কৰিম মই॥
শুদাই পাই পানীদি নাখায়, এনেয়ে তিনিগৰ্হা খায়॥
শত্ৰু যেন বান্ধিবা, মিত্ৰ যেন নিবা।
শিমলু নহয় চন্দন, পৰ নহয় আপোন॥
শিয়াল ঘুকৰ ছাৱ। মূৰ দুপিয়াই আহাৰ খায়,
ফান্দত নিনিয়ে পাও॥ শুকান জেওৰাৰ ৰস॥
শাক-পাচলি ভক্ষণ। সেই পুৰুষৰ লক্ষণ॥
শিকাই বুজাই নাপাওঁ দিহ। খাই মৰো বৰ বিহ॥
শহ চিকুণ পৰৰ। পো চিকুণ ঘৰৰ॥