পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
ৰহৰহী

লোণে আমলখি খালো। কোনোবা জনমত তপস্যা
সাধিলো, ভোলানাথ পুৰুষক পালো॥
লাই পালে কুকুৰে গললৈকে জপিয়ায়॥
লেখা-পঢ়াৰ নাই কাজ। মাছ মাৰি খাবা সাজ॥
লোকৰ পো, মোৰ লৰা। খাওঁতে বোপাই বোলা॥
লোণ ঢুকায় চাকোঁতে। তেল ঢুকায় বাকোঁতে।
লৰাক চাবা, বুঢ়াক চাবা ঢুকালে লগ নাপাবা॥
লগাওঁতে লগাওঁতে কেচা খৰিও লাগে।
ভঙাওঁতে ভঙাওঁতে মহামিত্ৰও ভাগে॥
লোকৰ আঁহ, লোকৰ বাঁহ। নাক কাটো চাপি আহ॥
লাজত নবয় ভাৰ। জোলোঙাই ভাঙে কামিহাড়॥
লাই মৰিল আলেজালে, লফা মৰিল খৰে৷
এচাঙ ধান পানী কৰিলে কুঁকুঁইয়া জ্বৰে॥
লেখত আছে, জোখত নাই, সাতজনী তিৰি।
ভাত খায় পাচী পাচী, পেলাবৰ গিৰি॥


শৱদত মউপিয়া। কেচা গেৰগেৰীয়া॥
শাকত নাখায় লোণ। পিতিকাত যায় তিনি গুণ॥
শুন, কাণকটা, শুন। এখন তামোলক সাঙি বান্ধি
আনিলো, কোৰা বান্ধি আনিলো চূণ॥
পায় কি নাপায় বনৰ পহু, মাৰি দে গোহলিৰ গৰু॥
শিক্ষাই-বুজাই হাটলৈ যায়। আহি দেখে চৰুত খায়॥
শালগ্ৰামৰ বহি থকা যেই। শুই থকাও সেই॥
শুন শুন শুন। লাখুটি ডালৰ নটা গুণ॥
পালা সাপ পেলালা মাৰি। নাই পিৰা বহিলা পাৰি॥
নাই বঠা, হলা পাৰ। নাই কাণমাৰি বান্ধিলা ভাৰ॥
হাতৰ সখা। পানী জোখা॥ শত্ৰু-মিত্ৰই নাপায়
ঠাই। সি হল তোমাৰ লগৰ ভাই। বাটৰ কুকুৰেও
নাপায়া লাই॥