পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
জনকাব্য

লাগনি নহলে জুই নজ্বলে। টুটুকীয়া নহলে গাঁও
নবহে॥ লাগী তিৰুতাই শিতানত কাহে।
পৈয়েক বোলে মোৰ অমৃত যেন লাগে॥
লৰাই-লুৰিয়ে ঘৰখন। ডোখোৰাই-ডুখৰিয়ে জুহালখন॥
লালুকিলৈ কি তপত পানী॥ লাও-পাতলৈ বৰা বনা॥
লগ লৈ মৰিলে বগ।
যাউতী-যুগীয়া অকলশৰীয়া কত পামগৈ লগ॥
লগৰীয়াই বগৰি খায়।
কিনো অপৰাধী হলো লগৰীয়া, জাপি আঁৰ দি যায়॥
লেনী ভাদৈ। পকা কৰ্দৈ॥ খোলাত দিলে পুঠি।
লৰ মাৰিলে উঠি॥ লাটিম বৰুৱাক চাটিম।
লাগে চাৰি কড়া ভৰিমেই তেও,
তাইৰে সতিনী খাটিম॥
লাভৰ থাওক পৰি, মূলৰে হতাহতি।
লাগি থাকিলে মাগি নাখায়॥
লচ্পচ্ ঘৈণীৰ খচ্‌মচ্ বন॥
লৰা ধান, ছোৱালী পতান।
লাওমান, কচুমান, যতৰেও ৰাও ৰাও কৰে॥
লাজ হলো হলো, লঘু হলো হলো।
একুৰি লৰাৰ মাইকী হৈ পাটীতে কিবাকৈ থলো॥
লাভৰ ঘিট্‌ঘিট্‌ ওপৰৰ চালত।
বাইৰ মেখেলা ভিনিহিৰ কান্ধত॥
লচপচ কটাৰী খচমচ কাটে, দৰিকী সজীয়া পাণ।
এখন তামোলত বাখৰ পতাইছে, লাখ টকাৰ মান॥
লেনীয়াই লেনীয়াই জিকা দিলে ভাতত।
খাব নোৱৰা গোঁসায়ে এটিও নেৰিলে পাতত॥
লাজতে মৰে, হাত পাতি ধৰে।
একাঁহী ভাতক এগৰাহ কৰে॥
লোকৰ সবাহলৈ যাবা। আমাৰ দিয়ন-থোৱন চাবা॥
লুকাই হে বঁৰিয়া, দেখাই নহয়॥
লেৰেলা হাঁহৰ লোথোৰা কণী॥