পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
জনকাব্য

মাৰো বঠাৰ কোব। নাপাওঁ বঠাৰ চোট্‌॥
মনে জানে পাপ। মাকেহে জানে কোন কাৰ বাপ॥
মৌনং সন্মতি লক্ষণম্॥ মাটিত মৈ, পাটিত পৈ॥
মাছৰ নানিবা সৰু কুটা। তিৰিৰ নানিবা বজাৰ-লুটা॥
মনে ৰজা, মনে প্ৰজা। মনে খোজে সাত ভাৰ্য্যা॥
মাছে নিচিনে নৈ, তিৰিয়ে নিচিনে পৈ॥
মালিনীয়ে নাপাহৰে ফুলৰ শোক।
সৰ্পে নাপাহৰে কঁকালৰ কোব॥
মহ, বামুণ, বৰা। পানী নহ'লে জীৱন্তে মৰা॥
মাৰিলে যম, জীয়ালে ঈশ্বৰ! মান দিলে দান॥
মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন॥
মুখে ৰাম-নাম। হাতে কৃত্য কাম॥
মনক বান্ধিবা, মনক চাটিবা, মনক নিদিবা লাই।
দুৰ্জ্জয় মনক বন্দীকৈ ৰাখিবা, যেনে গজমূৰী গাই॥
মৰণত শৰণ। তেৱেসে জানা জীৱৰ তৰণ॥
মাৰিব নোৱৰাৰ বৰকাৱৈ॥ মৰা হাতীত লাখ টকা॥
মানুহ মৰে কৈ। চৰাই মৰে ৰৈ॥ মূধতনে পানীপাছত॥
মানুহটোৱে পতি মনটো। ধানটোৱে পতি কণটো॥
মুগাৰ চুৰিয়া লেটাই নিপিন্ধা চটাই বনগুটি লাগে।
গোন্ধতেল ঘঁহি নোলোবা, কোনোবা গৰাকী লাগে।
মুখৰ ফালে চোৱা যদি এদোণ চাউল খোৱা।
পিছফালে চোৱা যদি হতচিৰি হোৱা॥
মাটি লবি চিটা বন্ধনি, গৰু আনিবি গাই॥
ছোৱালী আনিবি এলাই-জাৱৰী, ঘৰ ধৰিব তাই॥
মাঘ গৈ পৰিল ফাগুন। কি খাবি বুঢ়া শগুন॥
মনে খোজে ৰজা হব। বিধিয়ে নিদিয়ে খুজি খাব॥
মেলত থাকি নামাতে উচিত। দোষে পায় কিঞ্চিৎ কিঞ্চিৎ॥
মাৰো বেটী গমহ। কপাহ-সূতা নকৰাৰ বঙহ॥
মাটি লবা মাজখাল। ছোৱালী আনিবা মাক ভাল॥
মাছৰ খাবা বটিয়া। পহু খাবা খটিয়া॥
মাকে চায় মুখলৈ। তিৰুতাই চায় হাতলৈ॥