পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
ৰহৰহী

মাজমূৰত নাই চুলি। পৈয়েকে মাতিছে ৰূপহী বুলি॥
মাজ মূৰত নাই গাই। কড়িয়া লৈ খীৰাবলৈ যায়॥
মাহৰ মাৰ দেখি। তিলে বেঁত মেলিলে॥
মইবৰ হস্তী বনত। মাখিয়ো কণী পাৰে নাকত॥
মুনিহৰ বণ, তিৰিৰ বিয়ন। মৰিও যাম, মাৰিও যাম॥
মই কওঁ ৰাজ-ভগনৰ কথা।
সি কয় কল থোকা বাদুলিয়ে খালে॥
মূৰত ল'ম পাচি। খাম ভাল ভাল বাছি॥
মৰক গৰু, হওক ধান। বছৰে বছৰে কিনি আন।
মুকুতা পেলাই শোকোতা। মাছ নে জিজি॥
ম'হ মাৰোতে গালত চৰ॥ মূৰ্খ বৈদ্য যম সম॥
মূৰত ললে ওকণীয় খায়, মাটিত থলে পৰুৱাই খায়।
‘মোমাই?” ‘কিহৰ ভোমাই হেৰ' কিহৰ ভোমাই।'
‘আঁঠিয়া কলে বোকা-চাউলে।’ ‘ওঁ আহা সোমাই॥
মাকে নাজানে তাঁতৰ বিহা। জীয়েকৰ ফুলাম ৰিহা॥
মোতে শিকিলি, মোতে বিকিলি।
ঢোৰা কাউৰী হৈ মোকে খুটিলি॥
মাকে শলাগে জী, বাপেকে শলাগে জী।
চা-চুবুৰীয়াই যাক শলাগিব, সেইহে মাকৰ জী॥
মাছ-পাহাৰীৰ গোন্ধাল গা।
চূণ-পোহাৰীৰ ফাতিহা চা॥
মূৰত পাগ, কাণত কাপ, তাকে বোলে আমোলা।
লেখিব পাৰি পঢ়িব নোৱাৰি, তাকে বোলে বঙলা॥
মুখলৈ চালে লাগে বেথা। পিছলৈ চালে কন্দা-কটা॥
মোৰ পৈ মৰদ, চোৰ ধৰিলে ঘৰত॥
মটা নাইকিয়া, বাঁৰী। ধুমধূমকৈ ধৰে গাৰি॥
মোমাইলৈ মাই, দদাইলৈ খুৰী।
ককাইলৈ আনিছোঁ ডেকেৰী বুঢ়ী॥
মটা গাহৰিৰ জিভা। ঘৈণীয়েকে খুৱালে কিবা॥
মুকুন্দ মুৰাৰি। কথাৰ মূৰত কথা নকৈও নোৱাৰি॥
মতে পৰি, মাতে লৰি। মাত নহয় খাগৰি খৰি॥