পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
ৰহৰহী

ভাৱেৰে কলে পকা ধানেও বাট দিয়ে।
ভোজন মিঠা নে বচন মিঠা॥ ভগা সবাহত ৰাগ নিয়া॥
ভেটিত হুডু পৰা॥ ভেটিত তিতা লাও গজা॥
ভকত ভাগেনে দায় ভাগে॥ ভয়ত বনৰ বাঘ কঁপে॥
ভকতেহে বৰ৷ ভকতক ভূঞ্জালে গুচে কৰ্ম্ম-জ্বৰ॥
ভাত দিব পাৰি। আঙুলি খাবলৈ দিব নোৱাৰি॥
ভকতক কৰিবা দান। তেবেসে পাবা বৈকুণ্ঠত থান॥
ভাদ মহীয়া ৰোৱা পোকে খায়।
বুঢ়া দিনৰ পো লোকে বায়॥
ভায়ে ভায়ে দ্বন্দ্ব লাগে পৰে পায় আশ।
তিৰিয়ে-পুৰুষে দ্বন্দ লাগে ঘৰেই প্ৰবাস॥
ভাল মানুহৰ খালৈ চালে মাছ খুজিব নালাগে॥
ভেকুলিৰ পিঠিত নোম গজা॥ ভাদত কলীগৰু জগা॥
ভালৰ বান্দীও আনিবা। নীচৰ ঘৈণীও নানিবা॥
ভোজনৰ ওপৰত ভোজন কৰে, সাউদক কৰে দান।
জলৰ ওপৰত জল বৰিষে, শুদা অকাৰণ॥

মাক মৰা মাউৰা। বাপেক মৰা কোঁৱৰ॥
মাক তিতিৰী বান্দী। পুতেক ছুলটান গাজী।
মাছৰ বেলিকা নদীয়াল কণা॥
মাকৰ নাম বৰ পোহাৰী। পুতেকৰ নাম ৰণজিৎ॥
মিছা কথাৰ ঠেং চুটি, সচাক ঢোকা নালাগে॥
মৌ-পিয়া চটকে পৰ্ব্বত লয় তুলি।
ঢোল যেন কণী পাৰে চুঙাৰ বাদুলী।
মোমাইৰ সাতজনী গাই। মোৰ নাম দুধকোঁৱৰ॥
মাউখে উটিলে গুড়িপৰুৱাৰো মৰণ নাই॥
মৰিও চালো তিনিবাৰ৷ তেওঁ নুগুচে দুখ-নিকাৰ॥
মৰিলেও নুগুচে ধনঞ্জয় বায়ু॥
মুধে মুধে একেঘৰ। সোধো বুলি হল দেড় বছৰ
সখি, হেনো তোমাৰ জ্বৰ॥ মিছা কথা সিচা পানী॥
মিতিৰৰ টোপোলা। ভিতৰি ফোপোলা॥