পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
ৰহৰহী

ভাল মানুহ চাব খুজিলে আলিবাটলৈ যোৱা॥
বেতনিত ঔ পৰিল বাসুদেৱায় নমঃ॥
বিকিলি, এতেক কথা ক’ত শিকিলি৷ বিলাই,
মহাপ্ৰভুৱে শিকায়॥ বৰলাক উখুৱা ধান॥
বনো নাই আহৰিও নাই॥ বুঢ়ী মৰিল ভালেই হল৷
দুয়োখন কঁঠা মোৰেই হল॥
বাটৰ বগৰি জেং কোনে গুচালে॥
বনিয়াৰ দিম দিম, কমাৰৰ কালি৷
নদীয়ালৰ ৰৌমাছ হাততেই পালি॥
বাটত পালোঁ কমাৰ দা গঢ়ি দিয়াঁ আমাৰ॥
বাস কৰিবা নগৰত৷ থাকিবাগৈ সাগৰত॥
বামুণ গণক কোৱা৷ এই তিনি পৰৰ খোৱা॥
বৈচৰ গৰু বালেও বুঢ়া, নাবালেও বুঢ়া॥
বাগী দেখি ঠেং খোৰা৷ বুঢ়া শালিকাই মাত লোৱা॥
বল নাইকিয়া সাপৰ ফোপাউৰিয়েই সাৰ॥
বুঢ়াৰ হাতত চেঙেলি॥ বলীৰ হাতত পৃথিৱী॥
বাৰীৰ তামোল কেৰ্ক্কটুৱাই খায়৷
আমাক দিলে জানো অথলে যায়॥
বৰগছ কাটিলে ঘিটিঙাই পৰিলে,
চিটিকি পৰিলে এঠা৷ লোকক দেখুৱাই কেটেৰা
মাৰিবা ভিতৰি নেৰিবা বেথা॥
বাছি খাবা জাগি শুবা৷ তাৰ ফল পাছে পাবা॥
বাৰ ভতৰাৰ নাম জানে৷ বেইতা পৈৰ নাম নাজানে॥
বৰৰ দায় পিছলি যায়৷ সৰুৰ দায় খুচৰি খায়॥
বন ছিঙোতে মোহা মৰিল৷
মই বোলো মোহা ৰণতহে পৰিল॥
বায় আগ হালত৷ বান্ধে হেৰেমৰ তলত॥
বাঘৰ আগতেল খোৱা॥
বাৰ হাত কেৰেলাৰ তেৰহাত গুটি৷
বাজ টেঙৰ বনীয়া৷ আধেৰ কপাহৰ নখন খনীয়া॥
বাজ ভেলেঙী৷ ভিতৰ টেঙৰী৷