পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
জনকাব্য

বেজীৰ জলাও মনি। কুঠাৰৰ জলাও নমনি।
বেটীয়ে ভাঙিলে কতৰা। গাড়গাওঁ পালেগৈ বতৰা।
ঘৈণীয়ে ভাঙিলে কাঁহী॥ থলে মুচুকাই হাঁহি॥
বাৰী বামুণীৰ ধন। নিজেও নাখায়,
লোককো নিদিয়ে, চাই থাকিবৰ মন॥
বাৰটা মাহৰ তেৰটা জগৰ। সদায় নুগুচে এটা লগৰ॥
বুকত থাকি চুকত কামোৰ॥ বিষম দৈৱৰ গতি॥
বাপৰ ধনে নাটে, পাপৰ ধনে নাটে।
বিধতাই দিলেও তিৰুতাই নিদিয়ে।
বুঢ়ী আই ঐ, নাহিলি সুখৰ কালত। সাতজনী নিগনি
খিৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত।
বুঢ়ীৰ কি বন আছে। শাকত বন পেলাই বাচে॥
বাপ দিয়া কন্যা, ৰজা দিয়া ভূমি।
বলীয়ে নিৰ্বলীয়ে কিহৰ হতাহতি।
ধনীয়ে নিৰ্ধনীয়ে কিহৰ মিত্ৰৱতী।
বাপুৰ ডাড়িত ছুৱা লাগিল, আচাৰ মাৰিলেই শুধি।
শূদিৰৰ গাত চুৱা লাগিল, পৰাচিত হ'লেহে শুধি॥
বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে।
বৰাৰ ঘৰত তৰা গাঁঠি। বৰা থাকিব কেই ৰাতি॥
বামুণে শগুণে চায় মৰা৷ গণকে চায় নৰিয়া পৰা।
বগৰি গছৰ জিকা। যেতেকে মাৰিবি তেতেকে চৰিম,
জানো কেনে কৰি শিকা॥ বুকুৱে ধান বনা॥
বুধ, বৃহস্পতি, শুকুৰ। কাহানি আহিলা জোঁৱাই কুকুৰ
আহিবৰ হল দিনচাৰেক। শাহুৰ গালত চৰচাৰেক॥
বোপাই আছিল চোৰ। সেই পৰ্কিতি মোৰ॥
বাহিৰে ৰংচং। ভিতৰে কোৱাভাতুৰী॥
বঙহে মঙহ খায়। বঙহ নহলে মঙহ পেলনি যায়॥
বাৰ হাট জালৰ তেৰ হাট ফটা৷ ভাল মাৰিলি
বাপৰ বেটা॥ ৰৌ-বৰালি পাহে পাহে গল৷
পুঠি-খলিহা পাহে পাহে ৰল॥
বাঘ চাব নালাগে বিৰলীকে চোৱা৷