পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
ৰহৰহী

ভাল হক, বেয়া হক, ভূঞাৰ পোৱালি॥
ফোপদাং, ধান-নাইকিয়া শুদা চাং॥
ফুটা চকুতহে কুটা পৰে। ফোপজহি ৰঙাই।
এদোন ধানৰ পিঠাগুড়ি খুন্দি দেশখনকে জনায়॥
ফাঁকডেমা চাই লুৰিবা খৰি।
তাৰে কাণমাৰি তাৰে জৰী॥
ফটা কঁঠাতহে সোণ॥ ফলেন পৰিচীয়তে।
ফুলেশ্বৰী আই, তোৰ ফুলৰ তলত ঘৰ।
পৈয়েৰ আহিলে কবি বোলে পানীলগা জ্বৰ॥
ফুটছাইৰ খাৰণি তেলৰ মেদনি বৰুৱাৰ খাৱনে খাওঁ।
পকা দলি-চপৰাত টিকাটো চোচোৰাই,
দোলাত যোৱাদি যাওঁ॥
ফলীয়া তুঁইৰ জুই। আয়ে চৰজিলে,
বোপাৰে স্ৰজিলে, আগৰে কলীয়া-মুঈ।
ফেদফেদকৈ ফেদী, গালৈ আহিছে খেদি॥
ফেঁচাৰ ফেঁচী, ইন্দ্ৰৰ শৰ্চী।
চোৰ খোৰেঙত মইনাৰ মাত।
ঘনে ঘনে তামোল খাই নিকটাইছে দাঁত॥

বুঢ়াৰ কথা নুশুন ডেকা। টানত পৰি কিয় কেকা।
বনৰ বাঘে নাখায়, মনৰ বাঘে খায়॥
বাও বান্ধিলো তিনি যুৰীয়া গাঁঠি দিছিলো লেখি।
নিলগৰ পৰা চাই পঠিয়াওঁ, কাঁহৰ বাটি যেন দেখি।
বান্ধৈৰ নৰীয়া টান। খাব পাৰে, শুব পাৰে,
বানিব নোৱাৰে ধান॥ বাই বাইলুঙনী! উঠি পীৰা
এখন দিলোহেঁতেন, মই হলোঁ শইকীয়ানী॥
বান্দৰৰ ডিঙিত মুকুতাৰ হাৰ।
বাটি খালে আঁটি যায়। লুকাই খালে ঢুকাই যায়॥
বাহিৰত বৰচুৰীয়াৰ ফেৰ৷ ভিতৰত ঢকুৱাৰ বেৰ॥
বেলিয়ে আঁটে মানে। কাচিয়ে কাটে মানে॥