পৰৰ ঘৰৰ দাৱনী। নিজৰ ঘৰৰ ৰাণী॥
পানীৰ চৰখৰীয়া ভাল, মাতৰ চৰখৰীয়া টান॥
পৰ-ভতুৱা হবা, পৰ-ঘৰুৱা নহবা॥
পকা থাকোঁতে কেঁচাই। তেল থাকোঁতে নুমায়॥
পলাই-উৰাই গঙ্গালৈ। চুৰ-তাৰিকৈ বামুণলৈ॥
প্ৰথম প্ৰহৰত আটাই জাগে দ্বিতীয় প্ৰহৰত ভোগী।
তৃতীয় প্ৰহৰত চোৰ জাগে, চতুৰ্থ প্ৰহৰত যোগী॥
প্ৰবাসে নিয়মো নাস্তি॥ পৰৰ পালে, জ্বৰতে খালে।
পোৱাতীয়েহে জানে পোৱালি পাওঁতে কিমান দুখ।
পৰ্বতত উজায় নাৰ মাছে, চাকোলা পললৈ যায়।
কণাই দেখিলে, কলাই শুনিলে, কোৱাই মৃদং বায়॥
পখীৰ টোক্ টোকী। পছৰ নোক্ নোকী॥
পাবা চৰাই ভাঙিবা পাখি। সিজাসা ভাত নথবা ৰাখি॥
পৰৰ পো মৰক। শিমলুৰ নাও বুৰক॥
পিতাৰ ভনীয়েক পেহী, সেইটো বুকৰ দেহী।
আইৰ ভনীয়েক মাহী, দাঁত চেলায় হাঁহি॥
পানীত কেকোৱা মোমা। কলৈ যাৱ গিৰি কণা॥
ধাৰে-বান্ধে খা তই। একে মৰণাৰে শুজিম মই॥
পিন্ধিলে-উৰিলে বান্দৰীও সুন্দৰী॥
পঁইতা ভাতত খৰিক মাৰ॥ পানীয়ে পানীয়ে শিকা॥
পতান ধানেৰে ভৰাল ভৰ॥ পাবত গজা॥
পাৰ পালে ইপাৰ, পাৰ পালে সিপাৰ॥
পানী খোৱা পুখুৰীত বিহ ঢলা॥ পানীৰ ঔটেঙা।
পানীয়ে মৰা বাও!! পাহৰা ধানৰ ভাত॥
পানীৰ তলৰ কাঁইট॥ পাগৰ বাহিৰ হ।
ফ
ফটাকঁঠা তিতে মানে গালৈহে গধূৰ৷
ফাঁপৰি কঠিয়াৰ সচ ল॥ ফেদেলি পুৰাণ মেল॥
ফস্তিত বঙাল মৰে তিৰুতা বেচি কাজ-কাম কৰে।
ফটা হক, ছিটা হক, পাতৰ টঙালি।