পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
জনকাব্য

নিলগৰ পৰা পৰ্বতটো শুৱনি দেখি॥
নাৱৰ বাণিফটা, পুৰুষৰ কাণ কটা॥
নিজৰ পোৱে মাছ মাৰিছে, মুখ জুবুৰিয়াই খা।
লোকৰ পোৱে মাছ মাৰিছে, বেৰৰ জলঙাই চা॥
নিজেই পৰৰ খাওঁ। শুনিব নোৱাৰোঁ আলহী নাও॥
নোপোৱাই পাইছে। চপাই ধান দাইছে।
নোপাৱাই পাইছে। পাখিয়ে-চাখিয়ে গিলিছে॥
নাৱত নুঠিবা ভগা। দুখীয়া মিতিৰৰ নহবা লগা॥
নাকত লৈ চাকত ঘূৰাই। খঁৰা টেকেলিৰ
পানী খুৱায়৷ নাভূত-নাশ্ৰুত কথা॥
ন-কৈ ওলালে জোন৷ কথা কৈ থকাটো কোন॥
নকৰিবা হাই হুই, কাজি। ঘৰলৈ যাব লাগে আজি॥
নবই পিন্ধে জালি। নুৰুই নাদাই খায় শালী॥

পৈয়েকে বুলিলে কাজী। মন ভাল কৰিছে আজি।
পাপীৰ পিঠাত মন॥ পৰত আশ, বনত বাস।৷
পৰৰ মূৰত খাওঁ। ভটীয়া পানীত যাওঁ॥
পালিব নোৱৰাৰ ৰুদ্ৰাক্ষৰ মালা জোটা জোট।
পৈয়েকক বুলিলে হই৷ ক’তনো মৰোগৈ মই॥
পছোৱাই দুৱাৰ মেলে৷ বৰলাত জগৰ লাগে॥
পাপীৰ লগত যমদূতৰো শাস্তি॥ পৰ দেশ, মৰ ভেশ॥
পালেহি চ'ত। ধান ব’ম কত॥
পঢ়ায়,পঢ়ে, ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন॥
পাপৰ ধন পৰাচিতত। পেটক আটে, চকুক নাটে॥
পঁইতা পালমৰা৷ কৰকৰা লৰমৰা॥
তপত, দিনটোলৈ গাটো শকত॥
পেটৰ ভোকে যি কৰে। মুখৰ লাজে কি কৰে॥
পৰ্বতত কাছকণী, ভৈয়ামত বান।
বৰলাত বিচাৰিছে শুকান ধান॥
পকা আমৰ বেলিকা কিহৰ কুজা মোহা।