পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জনকাব্য

মহতকৈ মোহনি নাই, মোৰ চেনাই ঐ,
 মহতকৈ মোহনি নাই।
তাতোকৈ মোহনি তুমি যে শুৱনী,
 আছিলোঁ এবেলা চাই॥৩৬।

উৰি গল কণুৱা, কৈ গল বাতৰি
 চেনাই কোন হাতে আছে।
বৰ ঘৰৰ মূধতে চেনাইৰ তাঁতশাল,
 বহি গুটি-ফুল বাচে॥৩৭।

সলগুৰি বাগিচা অননি বননি,
 তাত নবহিল মন।
সুমলাৰ তাঁতশাল সোণাপুৰ নগৰখন
 তাতেহে বহি গল মন॥৩৮।

পানী পাই বাঢ়িলে পানীৰ কলমৌ,
 তেল পাই বাঢ়িলে চুলি।
যৌৱন পাই বাঢ়িলা তুমি, প্ৰাণেশ্বৰী,
 যেন ৰামকলৰ পুলি॥৩৯।

দিনৰে দিনটো  ফুৰোঁ অনাই-বনাই,
 পেটত নাইকিয়া ভাত।
নাখাই চাৰি সাঁজি  থাকিব পাৰোঁ মই
 শুনিলে মোৰ ধনৰ মাত ॥৪০৷