পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
জনকাব্য


দিলেও নাখাৱ চাকলি। খুজিও নাপাৱ বাকলি॥
দখিণ দুৱৰী ঘৰৰ ৰজা, পূৱ দুৱৰী তাৰ প্ৰজা। পছিম
দুৱৰীৰ মুখত ছাই। উত্তৰ দুৱৰীৰ কাষলৈ নাযায়॥
দুডাল সূতা এডালকৈ। লহলহ কৰে নিয়ে বৈ॥
দা পৰি ঘা হ’ল। কুঠাৰ পৰি বখলাই গ’ল।
দেখাক, দেখি, কুকুৰেও কৰে একাদশী।
দলনিৰ পোনা। বামুণৰ মোনা।৷
দেখিছাহে বুঢ়া, অগ্নিকুৰা॥ দেখিছাহে বেঙা।
থম্-থম্ টেঙা॥ দমদমকৈ লাগে। ততালিকে ভাগে॥
দিন-শামুকী, মাহিলী ভুৰুকী, বছৰি কলহী গাই।
চকুত শেপ দি গিৰিয়ে কান্দিলে,
গোহালি চদকা যায়॥
দেহা বুঢ়া হয়, বেহা বুঢ়া নহয়॥ দুখীয়া বুলিলে
কুঠীয়া। দুষ্টক দমন, শিষ্টক পালন॥
দাঁত দেখা, আঁত দেখা॥ দৈৱবাসনা তল গল॥
দিওঁতাক বাধে যি। সাত কপিলাক বাধে সি॥
দানৰ দখিণা, বামুণৰ ভোজনি, মানুহৰ ওলগনি॥
দেশ ফুৰি বাৰ। ঘৰত বহিয়ে তেৰ॥
দাতাই দিয়ে। তিৰুতাই নিদিয়ে। বিধাতাই নিয়ে॥
দমৰা গৰু হ’লেও অনেকে বায়।
গাভৰু ছোৱালী হলেও অনেকে চায়॥
দেৱৰ উৎপত্তি ক’লে ৰং। মানুহৰ উৎপত্তি ক’লে খং॥
দিব পাৰিলে ভাই-ভনী। দিব নোৱাৰিলে কাৰ কুনি॥
দাঁতিনীয়ে নাতিনী পায়। পিৰায় টিকায় লাগি যায়।৷
দেহত তৰণি নাই। বলিয়া কুকুৰে খায়॥
দিন ভিক্ষা। প্ৰাণ ৰক্ষা॥ দূৰতে বিদূৰ হয়॥
দেখা কথাত পাট-মঙ্গল॥ দুপতীয়াতে জঁয়॥
দাৰ নাম পখীৰাজ, কিছু কাটে বাঁহগাঁজ।
কচুত দেদেৰিয়ায়, পকা কলত ভাগে।
পানীত মাথোন লগাই দিবহে লাগে।৷
দুখৰ দুখীয়া হলোহি ককাই, সাজি লব