পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
ৰহৰহী

দিলো লাও, বগালে পুৰৈ; লাগিল কোৱা-ভাতুৰী।
কাউৰী বাহত কুলিয়ে কণী পাৰিলে,
জগিল চুঙা-বাদুলি॥ দখিণা লোৱা খোজ॥
দোলাৰ নামে সিকিয়াতে যাবা।
গাখীৰৰ নামে পানীকে খাবা॥
দহৰ লাখুটি, এটাৰ বোজা। দহৰ লাঠি, একৰ ভাৰ॥
দুখীয়া হ'লে লেতেৰা ভাৰ্য্যাই নেদেখে হিত। বাটত
লগ পালে মিতিৰে নোসোধে, জানো দিব লাগে বিত॥
দাতাৰ তিনটা গুণ। দিব পাৰে, নিদিব পাৰে,
দি কাঢ়িও নিব পাৰে॥ দন্তে তৃণ ধৰ॥
দিনৰ পৰ্বত ৰাতিৰ জুই।
তাক নেখেদি থাকিবা শুই॥
দুখ নকৰিলে মুখ নভৰে॥ দোলা দেখি খোৰা॥
দুখৰ দিনত দুখ। তিনি মোকোটা খাই কুকুৰ শোৱে,
নেজৰ ফালে মুখ।৷
দেহাই বেহা। দেহা মাৰি কিহৰ ভকতি॥
দেখিলেহে লেখিম, ঢেলীয়ে কি লৰা পায়।
দেখোঁতেই চিতল। পিঠিতেই কাঁইট।৷
দোযত দণ্ড। গুণত পূজা॥
দুই মহৰ যুজ লাগিল। ইকৰাৰ মৰণ মিলিল॥
দৰিদ্ৰ যায় লঙ্কাৰ পাৰ। তেওঁ নুগুচে কান্ধৰ ভাৰ॥
দেখিব নোৱাৰি কৰিবা কি।
আগতে থাকিম হেকেৰা দি॥
দিয়ে ধানখেৰৰ ছাই। তেওঁ কোঁচ্ মোচ্ খায়
দহ বুলিলে দহ, পঁচি বুলিলে পঁচি॥
দৰ্জি দগলা সীয়ে।
অ’ৰ কথাটি ত’ত লগাই তিনি প্ৰাণী জীয়ে॥
দৈৰ আগ, ঘোলৰ শেষ॥ দিন যায়, খেণ নাযায়॥
দিনটো যায় আলেজালে। ৰাতিটো যায় ভোমানলে॥
দুখৰ ৰাতি নাযায়-নুপুৱায়॥
দহো-আঙুলী সমান নহয়।