পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
জনকাব্য

লাৰু। জাপ এচাৰি গাত ছিঙিলে তেহে লাগে
গাটো বাৰু॥ ঢেকী স্বৰ্গলৈ গ’লেও ধান বানে॥
ঢামনী তিৰুতা নানিবা ঘৰক।
ঘৰখন ভাঙি, কৰে লৰক-ফৰক॥
ঢোল বায় ঢুলীয়া। টিকাত নাই চুৰিয়া॥
ঢেই বোলোতে মণিকূট পায়, নাবা বুলিলে সাত
চাপৰ বায়। বা বুলিলে এচাপৰো নাই॥
ঢিলা পালে ঠিলা॥ ঢিলে কিল, টানে মান!!
ঢাৰিৰ আঁৰত ৰজাকো চৰ্চে।
ঢোলহে বায় যেনেকৈ। নানাচিনো কেনেকৈ॥
ঢোলৰ মাত শুনি নিতৌ হওঁ বিয়া।
শাহু-শহুৰৰ মাত শুনি আজুৰি পেলাওঁ হিয়া॥
ঢেৰঢেৰকৈ ঢেৰুৱা পেৰপেৰকৈ লাই।
লফা ডালচাৰকেৰে গালদিয়েক যায়॥
ঢেকী কৰে হেকেৰ-পেকেৰ, মৌলা বাৰী লৰে।
এওঁৰ ঘৰত তিনটা মুনিহ, ঢেকী পাতিব ন’ৰে॥

ত, থ


ত’তো নাহিলা খাই। এখেতো পাবলৈ নাই।
জানোবা দিনটো লঘোণে যায়। তিলকে তাল কৰ।
তেলীয়াই কান্দে তেল পেলাই৷
কপহুৱাই কান্দে লেটপেটাই॥
তাঁচ গল্প পাশা। এই তিনি কৰ্ম নাশা॥
তিৰি হন্তে গিৰি। তিৰি হন্তে হতচিৰি॥
তিৰিয়ে-পুৰুষে হৈবা এক মতি।
তেৱেসে সিজিব হৰিত ভকতি॥
তিনি মোলোনাই আছিল চাই।
খোদাইটো ওলাল ভোৰোকাই॥
তামোলৰ কেও। বৰকৈ চেলাইছে আমাৰ তেওঁ॥
তোৰ জনম জাতি জানো মই কঠিয়াতলিত ঘৰ।
আষাৰচেৰেক কৈ দিলেই ভিৰাই মাৰিবি লৰ॥