পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
জনকাব্য

জগত-জননী পতিত-পাৱনী লোক॥
জলকীয়াৰ জালেই সোৱাদ। জুলুকি জুলুকি শিকা॥
জুই দিলে নোপোৰা মুখ॥ জুইত যাহ যা॥
জুইপানী অসঞ্চাৰ। জোকৰ মুখত চূণ দে॥
জ্ঞাতিয়ে অগা-ভেটা নিদিলে গঙ্গা পাব পাৰোঁ।

ট, ঠ, ড



টোপনি চিকুণ পুৱা, কটাৰী চিকুণ গুৱা।
জকাই বাওঁতে ছোৱালী চাবা দেখি কেনেকুৱা॥
টোপনিয়ে জানে কি বতা-বকৰা।
ভোকে জানে কি দেৱা-কৰকৰা॥
টেঙৰী বাই, তোতকৈ টেঙৰী ভিতৰত আই॥
টান পালে ৰাম॥ টিকনিৰ আগত খং॥
টিকাৰ টোপা খহুৰ লগত স্বৰগৰ তৰাৰ কি ৰিজনি।
টোপোলা দেখিলে টোপোলা যাচে।
ৰ ৰ টোপোলা তোলৈকো আছে।
টোপনি নাই ৰোগীৰ, টোপনি নাই ভোগীৰ।
টোপনি নাই নিধনীৰ ধনীৰ॥
টেৰা-বেকা হ’লে কিহৰ ধৰণী।
ভাল-বেয়া নাজানিলে কিহৰ ঘৰিণী॥
টেকেলি পৰিল নাদত।
ভিনিহি নোবোলো লাজত॥
টেঙা আম এবাৰহে বেচিব পাৰি॥
টিক্ বলধা ওলায় মাটি।
মাক ভালেহে জীয়েক জাতি॥
টুনি। গোঁসাইৰ লগত যাব লাগে হৰি-কথা শুনি॥
ঠন্ ঠন্ মদন গোপাল।
একেটা বৰলাৰ ন খন চোতাল॥
ঠাই দিবৰ গুণ। টপটপনি শুন॥
ঠেং মেলি ফুৱালি জুই।
মৰিলে থাকিবি বাহী শ হুই॥