পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আকুল পথিক

কিনো মনমোহা ডবহা-ডাবহি
 লহঙা-লহঙি হাত।
কোনটো সতৰে  পাহৰি থাকোঁ ঐ
 চেনাইৰে সুৱলা মাত॥৩১।

লুইতৰ এসুতি, দিছৈৰে এসুতি,
 ধন কোন সুতিয়ে যায়।
চকু ভাঙি চাওঁ, বুকুৱে নসহে,
 হাবি ভাঙি ভাঙি যায়॥৩২।

চৰাইৰ কপটীয়া শেন, সমনীয়া,
 চৰাইৰ কপটীয়া শেন।
আগতকৈ দুগুণে জেউতি চৰিছে,
 দেখোঁ চাঁদ-সূৰুয হেন॥৩৩।

জোতা পিন্ধিবলৈ লাগে লাজ-বিজ,
 সাজি লওঁ কঠালৰ খৰম।
তোমাৰ মুখখনিত  কিনো ফুল ফুলিছে,
 দেখি মোৰ লাগিছে মৰম॥৩৪।

চৰাই মনোমতী মনকে মুহিলি,
 কোটাহী বেঙেনাৰ তলত।
কিনো মোহনিৰে  আমাৰ মন মুহিলি,
 থাকিব নোৱাৰোঁ ঘৰত॥৩৫।