পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
ৰহৰহী

চৰুক সুধি চাউল বহা॥ চকু মুদা কুলি॥
চকুৱে সৰিয়হ ফুল (বা জুই-আঙনি) দেখ॥
চকু থাকি খালত পৰ॥ চেঁচুকৰ ডামডেউকা॥
চকুৰ কুটা, দাঁতৰ শাল॥ চৰখৰীয়াত পৰ॥
চকুৰে নেদেখা কাণেৰে নুশুনা দেশ॥
চতৰ বিহুলৈ ছমাহ আছে, হাত মেলি মেলি নাচে॥
চিকুটি লাও বুঢ়া কৰা॥ চিকা মাৰি হাত গোন্ধা।
চুলি ছিঙি কাতৰ কৰা॥ চুলিৰ আগে জীৱ যোৱা॥
চুকত থাকি বুকত কামোৰ॥ চৈধ্য ভুৱন দেখ॥
ছাগলে নাখায় কি। পাগলে নবলকে কি॥
ছোৱালী আনিবা মাক ভাল।
মাটি কিনিবা মাজ খাল॥
ছয় পো বাৰ নাতি। তেহে কৰিবা কুঁহিয়াৰ খেতি॥
ছুৱা চৰিয়াটো তেহেলৈ নে।
তামোলৰ বঁটাতো এহেলৈ দে॥
ছকুৰি ৰূপৰ ধাৰ। তেওঁ নাখাওঁ পচলাৰ খাৰ॥
ছবুৰি মহুৰা বৱতী। খোপাত ফেঁচু চৰাই ৰৱতী॥
ছাগলী কিনিবা এচাৰিশিঙীয়া, গৰু কিনিবা গাই।
ভাল মানুহৰ ছোৱালী আনিবা, তাই ঘৰ ধৰি খায়॥
ছাঁ টোকে বাঘটো দেখ॥ ছাঁ চাই নাচ॥



জনাৰ ভাত-মাছ, নজনাৰ গলগ্ৰহ।
জালকে বুলিলে জকাই। আধাৰে-মোন্ধাৰে চিনিব
নোৱাৰি, পৈয়েকক বুলিলে ককাই॥
জাপ মাৰি ডেইছিলো উঁই-হাফলু, তিলিকিতে মাৰিছিলোঁ বগ।
খেদা মাৰি ধৰিছিলোঁ মটা হৰিণা,
এতিয়া নাপাওঁ মটা হাঁহৰ লগ॥
জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি॥
জয় কালত ভয় নাই। মৃত্যু কালত ঔষধ নাই।
জীয়াতে নিদিলে কাণী পুঠি।