পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
ৰহৰহী

গছত তুলি গুৰি কাট। ৰথত তুলি জখলা কাট॥
গপে সিদ্ধি তপে সিদ্ধি॥ গা গোট পেটে ভৰাল।
গাটোৰ লগত ছাঁটো॥ গাৰ নোমেই শত্ৰু॥
গাখীৰতে মহৰ খুটি। গুৰি কঠাল পৰ॥
গাখীৰৰ নামে পানীকে খাবাঁ।
দোলাৰ নামে সিকিয়াতে যাবাঁ॥
গুৰু ভকতৰ আঁৰ॥ গুৱাল-গালি পাৰ॥
গোৰ মাৰি গঙাত পেলা॥ গেলাত টেঙা দে॥
গোম সাপৰ কণী ভাঙ॥ গালি, যায় আলি॥
গাৰফালে পৰ-পৰালি॥ গাত গোঁসাই নাই॥
গাৰ গোন্ধত সাতখন বিলৰ মাছ মৰ্॥

ঘৰৰ বুঢ়া। পথাৰৰ মূঢ়া।
ঘৰত নাই কণটো। বৰ সবাহলৈ মনটো॥
ঘৰ নাৰ কৰে ঢোকাই। মেল নাৰ কৰে হোকাই।
ঘোৰাক চিনি কাণত, তিৰিক চিনি টানত, খুৰক
চিনি শানত॥ ঘিউৰ চৰুত হাত দি আহ॥
ঘৰে পতি ঘৈণী। খালে পতি যখিনী॥
ঘঁহি থাকিল শিলো ক্ষয় যায়॥
ঘিউ দি সেকিলেও কুকুৰৰ নেজ পোন নহয়॥
ঘৰতে শকত। কেলেই লাগিছে পৰৰ ভকত॥
ঘোক্ বাই ঘোক্। সাপে খুটিলে তোক। মাছটি
পালে মোক॥ ঘোৰা শিঙৰ কৰিয়া পিন্ধা॥
ঘৰৰ কথা নকবা পৰক। ক’লে হয় লৰক-ফৰক॥
ঘৈণীয়েই ঘৰ। ঘৈণী নহ’লে ঘৰেই অথৰ॥
ঘৰৰ ঘৈণী লৰাহঁতৰ মাক।
তোমাক নুসুধি সুধিমনো কাক॥
ঘৰখনৰ ভিতৰত একেটি গৰু, তাক দিছিলোঁ এৰাল॥
আবেলি বেলিকা বতাহজাক মাৰিলে,
সিও লৰ মাৰি পলাল।