পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
ৰহৰহী

গৰুৰ আগত টোকাৰী বায়। শিং জোকাৰে, ঘাঁহ খায়॥
গালো, বালো, খোলাকতিৰ তাল।
অৰিহণা দিলে মাহ-চাউল গাল॥
গোন্ধাইছে গা। তেহেলৈকে যা॥
ঢোল যেন পেটত মৃদংটো বা॥
গৰু হ’ল গৰিয়া, পো হ’ল চোৰ।
জী হ’ল নটিনী, উপায় হেৰাল মোৰ॥
গড়গাঁও। কথা শুনি তল যাওঁ॥
গড়গঞা কটাৰিৰ ডাবেও কাটে॥
গছত গৰু উঠা। হোলোঙাৰে কাণ বিন্ধা॥
গছত কঠাল, ওঁঠত তেল। নৌ-খাওঁতেই চেলভেল॥
গিৰিয়েকে বোলে ভোক ভোক।
ঘৈণীয়েকে বোলে পুৱা-গধূলি একে সাজ হোক॥
গছ নোহোৱা দেশত এড়াই বৰ গছ।
গঙ্গাৰো যাত্ৰা। মাহীৰো বাৰ্তা॥
গছত উঠা মৰে। লগা-হোৱা ভৰে॥
গড়গঞা হাতী। টিকায়ো নকৰে কাতি।
গধূলি হ’লে সাতহাল বায়। পুৱা হ’লে এহালো নাই॥
গো চিকণ পৰৰ। পো চিকণ ঘৰৰ॥
গুড়ি পৰুৱাবৰ অলপ পানীয়েই বান।
খোলা মুখত এচৰ সহাই টান॥
গাহে গেন্ধেলা! ছকুৰি টেকেলা॥
গা-টিহে মৰি। পোৱালিটি পাখৰী॥
গৃহ-দানে পায় নাৰী সুন্দৰী।
কন্যা-দানে পায় ইন্দ্ৰৰ পুৰী॥
গাই গৰু বায়। ৰত্নাৱলী চায়॥
গড়গঞা মিতিৰৰ ভাও।
মুখেৰে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও॥
গাখীৰৰ গোন্ধেৰে খাবা। মিতিৰৰ গোন্ধেৰে যাবা॥
গৰু মৰে ঘূৰি। মানুহ মৰে ফুৰি॥
গাত চাই পাতিবা পাত। খাবা প্ৰবাসত ভাত॥