পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
ৰহৰহী

কলৰ ভেজাত ঢোকা। ঢোকাৰ ভেজাত কল॥
কথা বুলিলে বতাহ॥ কল পুলিৰে বিয়া হোৱা॥
কাজীক কাজী বুলি জগতে জানে।
কাজীক বিয়া কৰাই ঘৰলৈ নানে॥
কাজীয়ে পালে কৰে দহিকটাকো বাণি।
আকাজীয়ে পালে কৰে মূলৰো হানি॥
কণ-কঠিয়া মাৰ॥ কণা বেহা কৰ॥
কুকুৰা বাহৰ উমি। নেচেলাবা তুমি॥
কটা গাত খাৰনি॥ কটা ঘাত চেঙা তেল॥
কথাৰ ওপৰত কথা বাঢ়ে, চালে বেৰে মাৰে ঘা৷
চৰু ফুটি মঙহ গ’ল, জোলেৰে গালচাৰেক খা॥
ক’লে আয়ে মাৰ খায়।
নকলে বোপায়ে চুৱাত খায়॥
কোনো ৰুলে তুলসী, খানিলে মাটি।
শুবলৈ নাপালোঁ পাৰিলে পাটি॥
কলৈ যাওঁ গোপাল। কলৈ যাওঁ কৃপাল।
কুকুঁৱা জ্বৰ। ভালকৈ যত্ন কৰ॥
কাণ কাটি ভোৰ তাল বা॥ কাণে নাকে মাত যা॥
কওঁতেই কলা। যঁতৰতে শলা॥
কথাত পটু ৰিহাবাৰীৰ মণি।
গীতত পটু সাতোয়ালৰ ধনী॥
কুলাৰ আগৰ খুদু॥ কুকুৰ-ধূলি জীৱ॥
কথা নহয় লপঠপ। এদোণ এমূৰীয়া চপচপ॥
কুকুৰা ঠেং কাটি মঙ্গল চা, কুকুৰা কাটি শপত খা॥
কাকো দেখি ৰান্ধে-বাঢ়ে, কাকো দেখি দুৱাৰ মাৰে॥
কন্দা-কটাতকৈ লগত যোৱাই ভাল॥
কণী বিহৰ গুটি। কণাৰ কি দিন ৰাতি॥
কোৱাই কা নকৰা, জিলীয়ে যা নকৰা॥
কাৰ হাল ক’ত বাওঁ। নিশা হ’লে শুবলৈ নাপাওঁ॥
কপালৰ ঘাম মাটিত পেলা॥ কৰ পানী কলৈ যায়।
কেঞা আঙুলিৰ যোৰ॥ কেহেলি-কেন্দেলি কৰ॥