পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
ৰহৰহী

কৈছো নকৰ কাণ। ন জনী তিৰুতা
বিয়া কৰি আনিছোঁ, দিছো এদোন ধান॥
কৰাৰ হাড়মূৰ ভাগে।
নকৰাৰ দেখিয়েই আমনি লাগে॥
কাঁহৰ খাৰুৱে শুৱায় কি নুশুৱায়, হাত দাঙি দাঙি
চায়। গাৰ সাজে নো শুৱায় কি নুশুৱায়,
পিছলৈ উভতি চায়॥
কি মণি, কলীয়া কাঁচ। ঘৰত দ্বন্দ লগাই নাখাই
ভাত-পানী, গা হ’ল কঁকিলা মাছ॥
কাকো নোদোষো কপালক দোষো।
চাৰি কড়াৰ মাছ আনি কাঁইট-মূৰ চোঁছোঁ॥
কৰিবৰ পৰত মই গৰিয়া, হেঁচুকি হেঁচুকি নে।
খাবৰ পৰত মই পোঁৱাতী, হেঁচি হেঁচি দে॥
কাতিমহীয়া পিতে, পুহমহীয়া শীতে।
জেঠমহীয়া খৰে, সেইহে ল’ৰা মৰে॥
কিনো মাহী-আইৰ সাদৰ। ধান খুন্দি দিয়ে
মাণিকি-মধুৰি, পানী আনি দিয়ে নাদৰ॥
কাঁহীত নাখাওঁ, বাটিত নাখাওঁ, নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখায় নাপাওঁ মানে দেহকো নকৰো ছুৱা॥
কণটো হেৰালে মনটো হেৰায়॥
কাটা যি কাটা, ৰেপা কেলেই।
কল ইচ্ছাই পুলি, মাক ইচ্ছাই ছলি॥
কুকুৰৰ ছাইমুৱা। মানুহৰ গাইমুৱা।
কুকুৰ হ’ল শিয়ালৰ শতৰু, বাঘৰ শতৰু ফেউ।
কচিৎ কচিং ব্যভিচাৰী, মাইকী ছাগলীৰ মুখে ডাঢ়ি।
কামৰ বেলিকা কুৰীয়া, খাবৰ বেলিকা যম॥
কলাৰ আগত কথা কয়। কলাই বোলে হয় হয়॥
কলাই শুনে, বেঙাই কয়, বোবাই হৰি বোলে॥
কাঁহী হেৰাল, বাটি হেৰাল, তাক পাছেও পাম।
লা যেন ধপাত হেৰাল, তাক হে ক’ত পাম॥
কটনা কটা ভাত। বৰশী বোৱা মাছ॥