পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
জনকাব্য

কৰপৰা আহিলি, ক’ত দিলি ভৰি।
চোতালখন ফাটি গ’ল চট্ চট্ কৰি॥
কূটৰ ঘৰৰ কূটী।
লোকলৈ বুলি হুল চাঁচি আপুনি মৰে ফুটি॥
কেওঁ নাই যাৰ। ঈশ্বৰ সহায় তাৰ॥
কুজৰ মূৰত কিলটো। তিথিৰ মূৰত পিণ্ডটো॥
কাউৰীয়ে আটাইৰে খায়।
কাউৰীৰ খাওঁতা কেও নাই॥
কলাই জপে, কালৰীয়ে জপে।
যেনে তেনে ৰাতি খপে॥
কুকুৰৰ নেজ দীঘল, নিজে পাৰি বহে॥
কথা নকবি ৰাতি। কথা নকবি বনৰ গাঁতি॥
কথাও হৈছে, কথাও নহৈছে, কথাত বিন্ধিছে ঘূণে।
বিবাহৰ কন্যা পাটীত মৰিছে, ই কথা শুনিব কোনে॥
কেৰপাই। ধান মাৰিলেহে খেৰ পায়॥
কি মাহী আইৰ গুণ। এহাতে খাৰণি, এহাতে লোণ॥
কটা কাণ চুলিৰে ঢাক। কটা বান্ধ দে॥
কিনো মাহীআইৰ গুণ। খোজো খাৰণি, দিয়ে লোণ॥
কেঁচু খোচৰোতে সাপ ওলাল॥
কেলেহুৱা ওজা, চপনীয়া পালি।
ওৰে ৰাতি নাম লয়, খেৰৰ জুই জালি॥
কিনা হাঁহৰ ঠোটলৈকে মঙহ!!
কুকুৰক নিদিবা ঠাই। ল’ৰা-তিৰুতাক নিদিবা লাই॥
ক’লে কথা ওলাই পৰে। ঘৰ ভাগি মানুহ মৰে॥
কণা কুকুৰাক পতান ধান দি ভাৰ॥
কেলেহুৱা কুকুৰৰ কমললোচন নাম৷
কোলাৰটো এৰি বোকাৰটো আশা কৰ॥
কঠিয়াহে চুটি, জেঠতে পৰা॥
কঠিয়া ধানৰ ভাত৷ ময়ো নহওঁ ভাল মানুহৰ জাত॥
কৰাক নকৰিলে পিতৃয়েও পানী নাপায়॥
কাৰ খাওঁ, কাৰ বওঁ। দুভাগ নিশা ঘৰ নাপাওঁ॥