পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
ৰহৰহী

কোনটোৰ কোনজনী? ফপৰীয়াটোৰ তিনিজনী,
ভালটোৰ এজনীও নাই॥
কালৰো কাল, বিপৰীত কাল।
হৰিণাই চেলেকে বাঘৰ গাল॥
কি কৈ মৰিলো কিহত। দুহাতে দুমুঠি
খাৰু পাইছিলোঁ, আগেয়ে নিয়াটোৰ যহত॥
কিহত কৰিলো কি। ধান দোণ দি পৈটো আনিলোঁ,
নিতৌ কিলায় সি॥
কথা কওঁতেই লাগিল পাক। বাৰজনী গৈছিল
পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক॥
কওঁতেই কলা। যতৰত শলা॥
কথাৰ মূৰত কঠিয়া, সৰিয়হৰ মূৰত তেল।
যাৰ ঘৰত জীয়ৰী আছে, তাৰ ঘৰত মেল॥
কথাৰ গুণে কঠিয়া। যতৰৰ গুণে বটীয়া॥
কিহৰ জগৰত মৰো। চটাই পৰ্বতত গাটো
দেখা দি আধলি পাঁচোটা ভৰো॥
কথা বা ক’ত? ভেকুৰী তলত।
কাৰ জহত কোনে পিয়ে পানী॥
কাৰ ভগিনী মৰে কাৰ হয় হানি॥
কলি কালৰ লৰাই বলী ভাত খায়॥
কটাৰি ধৰাবা শিলত। তিৰিক চলাবা কিলত॥
কথাৰ দুআষাৰ, বান্ধৰ দুমেৰ॥
কণা কুজা লেঙুৰ ভেঙুৰ।
এই তিনি-চাৰি হাৰামৰ নেগুৰ॥
কঁকালত কাঁচি। বুঢ়ী ফুৰে নাচি॥
কণী পাৰে হাঁহে। খায় ভকত-ডাঁহে॥
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ।
মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান॥
কি ক’ম, কি নক’ম? পৈৰ নাম বটালি!!
কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে।
কুটুমৰ তেজেৰে বন্তি লগালে, মজিয়া ভকেভকালে॥