পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
জনকাব্য

ওপৰলৈ চালে দেখে স্বৰগ। তললৈ চালে
দেখে নৰক। ওচৰৰ আলহী নকৰে কাণ।
নৰীয়া পৰিলে উঠাটো টান॥ ওপৰ চকুৱা লোক॥
ওচৰৰ পুঠি-খলিহা, দুৰৈৰ ৰৌ-বৰালি॥
ওলোকৰ মাদলী, থোলোকৰ বিয়া।
ধান পুৰাদিয়েক উধাবলৈ দিয়া॥
ওঁঠ চেলেকি মৰ॥ ওঁঠৰ পানী পৰ॥
ঔটো পৰি কপৌটো মৰিল, বগে নিৰামুহি খায়।
সখীয়তী চৰায়ে ছমাহলৈ বিনালে, সমধৰ
একোডাল নাই॥ ঔচ বুলিলে ওচৰ চাপ॥

কিনো পৈ হুতাই তাই। লোণ সানিবলৈ
তত নাপায়॥ কঁকাল চাই মেখেলা॥
কবলৈ নাই একো। ডাকি বোলে হেকো-হেকো॥
কিনো ভমকৰ তালি। ভালখন থৈ ফটাখন পালি॥
কাক নো বুলিবা ককা। আটাইৰে ডাঢ়ি-চুলি পকা॥
কাউৰী টেঙৰ নে মাউৰী টেঙৰ॥
কেও নোপজোতে মই উপজিলোঁ, বোপাই উপজিল
পাছে। খেচমেচ কৰোতে বুঢ়ী আই উপজিল,
ককা উপজিবলৈকে আছে॥
কুমলীয়া আদা দেখি, টিকাত মচি খায়॥
কুমলীয়া তামোলৰ কেওঁ। বৰকৈ চলাইছে
আমাৰ তেওঁ॥ কাহী পাতে গা কাট॥
কলীয়াবৰত পৈয়েক মৰিল। ঢেকী দিওঁতে
মনত পৰিল॥ কেঁকোৰা গাঁত বিচাৰ॥
কেঁকনি গোঠনি নৰিয়া টান। নৰিয়াই খায়
উনি মান॥  কেঁকোৰা খোলা দে॥
কৌৰৱৰ চাউল খায়। পাণ্ডবৰ গীত গায়॥
কুকুৰ চিকুণ, গিৰিহঁতৰ যশ॥
কৈ থাক কুকুৰণী, শুনি থাকোঁ ঠাকুৰণী॥