পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আকুল পথিক

পূৰ্বৰাগ

দ্বিতীয় অধ্যায়

কেলৈ ফুলিলি,  ৰূপহী মদাৰ ঐ,
 কেলৈ পেলালি কলি।
গুৰুতো নালাগ,  ভকততো নালাগ,
 থাক তল ভৰি সৰি॥২১।

বতাহৰ ঢালতে গোন্ধায় মল্‌-মলি,
 কাৰ বাৰীৰ জনীয়া আম।
হাবিয়ে হাবিয়ে বিচাৰি ফুৰিলোঁ,
 কেচাই হক, পকাই হক, খাম॥২২।

তোৰ বাৰীত ফুলিলে  ইন্দ্ৰজিত মালতী,
 মোৰ বাৰীত পৰিল ছাঁ
ফুলৰ গোন্ধ পাই,  মনত মোৰ তৎ নাই,
 দেই-পুৰি মাৰিছে পা॥২৩।

মেঘত জিলিকিল বিজুলী চমক ঐ,
 শূইনত জিলিকে তৰা।
পৃথিবীত জিলিকে  আমাৰে মইনা,
 তাতকৈ একাচি চৰা॥২৪।

পানীত জিক্‌মিকায় পানীৰ পৰুৱা,
 ফুলৰ জিক্‌মিকায় পাহি।
চেনাই জিক্‌মিকায় দুগালৰ তেজেৰে,
 মুখত মিচিকিয়া হাঁহি॥২৫।