পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
জনকাব্য


লগত যাব পাপ পুইণ॥
আগৰ গৰু বাঘে খায়।
টোক্ টোকাওঁতে জনম যায়॥
আপৰলিৰ বৰ কথা, শৰতৰ পানী।
শোকোতাৰ বৰ টোম, দাঙিলেই জনি॥
আহিছা আলহী বহিবা শিলত।
তামোল-পাণ খুজিলে মৰিবা কিলত॥
আগে ক’ল, পিছে বাঁহ। সেই গিৰিৰ কিমান সাহ॥
আঁউসীত বাতে, পূৰ্ণিমাত কাটে।
সেইখন কাপোৰ শ্মশানশালিলৈ লাগে॥
আত্মীয় জাতীয় যত বন্ধুগণ।
মাতৃৰ স্নেহতকৈ নাই কোনো জন॥
আছে কাপোৰ, আছে জাৰ।
নাই কাপোৰ, নাই জাৰ॥
আপদৰ কালত বুধি হয় হত।
নুসুধিলে উগ্ৰসেনে বুধি মাধৱত॥
আহাৰে-বিহাৰে নকৰা লাজ।
লাজ কৰিলে নিসিজে কাজ॥
আম চনকা হিজল ভাই।
তেতেলি গছত মৰণ নাই॥
আছে সুখ দুখ শৰীৰৰ প্ৰতি।
তাক খণ্ডাব, কাৰ বাপৰ শকতি॥
আৰ্জ্জিলে ফল ভুঞ্জিবলৈ পায়॥
আপুতৰ পুত, কোলাতে মুত॥
আপডালৰ গৰু মহ, কিৰ্পিনৰ ধন॥
আহৰে-পোহৰে তৰিছে তাঁত।
উজুটিত ছিঙিছে পৈয়েকৰ দাঁত॥
আহিল কণা গ’ল কণা। খাগৰি কাটিলে তিনি কণা॥
আইৰো বাৰ্ত্তা। গঙ্গাৰো যাত্ৰা॥
আগ নিশা ভাত খালে, পেট কৰিলে টান।
শেষ নিশা ভাত খালে, গৃহস্থই নকৰে কাণ॥