পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
জনাকাব্য

আয়ে ক’লে বাটত, বায়ে ক’লে তাঁতত।
মই শুনি আহিলো পানী-অনা ঘাটত॥
আইক যে ওলগিলি, মোক নোলগিলি।
তই যে তিৰোতা! —আই জানো মটা॥
আপোনাৰ দায় ফুটছাই। পৰৰ দায় খুচৰি খায়॥
আপোনাৰ মন যেনে, সংসাৰকো দেখে তেনে।
আপোন যি আপোন। শশৈয়া দাপোণ॥
আগেয়ে আছিলোঁ যেন তেন।
ভকত ভূঞ্জোৱাত হ’ল পেন্ পেন্॥
আছে দান, নাই সমিধান॥
আকালো নাই, ভঁৰালো নাই॥
আছোঁ বগলি আছোঁ চাই। ক’ৰ পানী কলৈ যায়॥
আকৰী নকৰিবি হেলা।
আকৰীয়েহে জানে বা-বৰষুণৰ বেলা॥
আহোমৰ চকলং, হিন্দুৰ বেই।
তোমাৰ পাতলিত পৰিছোঁ, যেই কৰা সেই॥
আইৰ ঘৰলৈ যাম, দুই হাতে খাম।
বিধিয়ে বোলে মই পিছে পিছে যাম॥
আই সীতা পাতাললৈ যাব।
কাক নিব, কাক থ’ব॥
আছে গৰু নবয় হাল, হোৱাতকৈ নোহোৱাই ভাল॥
আকাল হ’ল বুলি কোনেও গৰু নাখায়॥
আমলৈ ফৰ্ম্মুটি মাৰে। আমো নাই, ফৰ্ম্মুটিও নাই॥
আচলে পিছলে। হস্তীৰো পাৱ পিছলে॥
আঁঠুৱা তলৰ ম’হ, মোহাৰিলেই মৰে॥
আপোন লগুণ পৰক দি। বামুণ মৰে হুতাশন হুই॥
আউসী পূৰ্ণিমাত বহি থাক।
তেও নেমাৰিৱি জোৰৰ চাট॥
আঘোণমহীয়া কাচি। তামোলো নালাগে,
পাণো নালাগে, আপুনি ফুৰিছে যাচি॥
আখৈহে ফুটিল, টিকাৰ ধান গুচা নাই॥