পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
জনাকাব্য

অৰি কুমাৰৰ ঘৰী। কোনে বুলি যাৱ জহৰা
ল’ৰাটো, বাপেকৰ নিচিনা ভৰি॥
অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট।
কণীবোৰ ভাঙি পেলাই বাহকে কৰিলোঁ নষ্ট॥
অ’ত কৰিবা হৰক-তৰক, ত’ত কৰিবা কি।
দাঁড়েকৰ বাতৰি তিলেকে যোগাব, যাতনা ভুঞ্জাব নি॥
অবহুতী কন্যাৰ বহিবৰ মন নাই, ধৰে ওঁঠৰতা ৰাৱ।
অতি কথকীক কথাই খায়। বৈদ্যক খায় সাপে॥
সাতখন ভাগৱত যি পঢ়ে, ছোৱে কিঞ্চিৎ পাপে।৷
অধিক ওজা হ’লে গুৰ ধমনা হয়॥
অতিৰ লগত যতি মৰে। উলুৰ লগত বগৰি পোৰে॥
অ-তামূলী তামুলী হ’ল, মুখেদি বোৱালে ৰাং।
অঘৈণী ঘৈণী হ’ল, দুপৰীয়া বগালে চাং॥
অকলশৰীয়া পহু। টিকায় মূৰে খহু॥

আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত।
মিঠৈ-কল খাবলৈ পাই তাতে হলোঁ ভকত॥
আগৰ কমলাবৰীয়াই ধুই খায় খৰি।
এতিয়াৰ কমলাবৰীয়াই খাওঁতে নিতিয়ায় ভৰি॥
আগ দাঁত সৰিল। দুনাই জেউতি চৰিল॥
আঁহ লুকাব, পাহ লুকাব, গাল শোতোৰা ক’ত লুকাব।
আৰ ছিগা চুলি, তাৰ ছিগা চুলি, মাৰি যাওঁ
নেঘেৰী খোপা। আৰ ফটাকানি, তাৰ ফটাকানি,
পিন্ধি যাওঁ গেৰোৱা লেটা॥
আপোনাৰ ফালেই টেকটেকীয়া।
লোকৰ ফাললৈ পানী চটিয়া॥
আউনী পাণেৰে তামোলখন খাওঁ।
মেল চপাবলৈ মানুহ নাপাওঁ॥
আহিছ সতিনী থ’ম চুকত।
তুৰিমুৰি কৰিলে গোৰ দিম বুকত॥