পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অযথা কলেৱৰ বঢ়োৱাতকৈ সংগ্ৰহটি বাচকনীয়া কৰিবলৈহে যত্ন কৰিছোঁ, আৰু তাৰ বাবেই আমাৰ মূল সংগ্ৰহৰ তিনি ভাগৰ এভাগমান পটন্তৰ খহি পৰিল। ইয়াক যুগুত কৰোতে অৱশ্যে কৰ্ণেল গৰ্ডনৰ “A Few Assamese Proverbs" আদি কৰি হাতে ঢুকি পোৱা আটাইকেখন অসমীয়া পটন্তৰৰ পুথি আৰু কেবাখনো ইংৰাজী পটন্তৰৰ পুথিৰ সম্পাদন-নীতি মন কৰিছোঁ, আৰু সদৌৰে আন্তৰিক শলাগ লৈছোঁ৷

 উজনি-নামনিৰ পটন্তৰৰ এই সংগ্ৰহৰ কাম হাতত লোৱা ২৫ বছৰ হৈ গ’ল, নানা আহুকালত ইমান দিনে ই পোহৰৰ মুখ দেখা নাছিল। ১৯৩৪ ত ৰায় বাহাদুৰ ৺আনন্দ চন্দ্ৰ আগৰৱালাই অসম সাহিত্য সভাৰ যোগে উৎকৃষ্ট অসমীয়া পটন্তৰ সংগ্ৰহৰ বাবে এটি বঁটা ঘোষণা কৰে। তাৰ বাবে এই পুথি ১৪/১০/৩৫ত দি ২২৷১২৷৩৭ত ঘূৰাই পাওঁ, আৰু সেই বঁটা লাভ কৰোঁ;পিছে তাৰ পৰা এই সংগ্ৰহ প্ৰকাশ কৰাত বিশেষ সহায় নহ'ল। তথাপি তুলাপাত আৰু চেপাকলৰ এই মহাৰ্ঘৰ মাজতো অসমীয়া-প্ৰাণ আগৰৱালাদেৱৰ সোঁৱৰণত সদৌৰে সহায়-ভাৰসাত ইয়াক উলিওৱা হ'ল।

শুৱনী পজা, যোৰহাট
ভাদ, ১৮৭৫ শক

ডিম্বেশ্বৰ নেওগ